অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাওঁ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী সমদল

TOPSHOTS

চাহ জনজাতি ছাত্ৰ সন্থা দীৰ্ঘদিন ধৰি চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠী আৰু অসমৰ জাতীয় জীৱনৰ সমস্যাক লৈ মাত মাতি আহিছে । আমণিৰ পৰা ধৰি আঞ্জুকপানী লৈ যোৱা মূল পথটো একেবাৰে জৰাজীৰ্ণ হৈ পৰাৰ  ফলত পথচাৰীসকল বিশেষকৈ  ছাত্ৰ ছাত্ৰী ,ৰোগী,যান বাহন  আদিৰ চলাচলত ভীষণ অসুবিধাৰ সৃষ্টি  হৈছে।

এই বিষয়ে ক্ষোভ প্ৰকাশ কৰি শালনা গড়কাপ্তানী পথত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাওঁ জিলা সমিতিৰ বিষয়ববীয়া ক্ৰমে নগাওঁ জিলাৰ সভাপতি মহেন্দ্ৰ নায়ক কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মানিক তাছা ,নগাওঁ জিলাৰ উপ সভাপতি অভিজিত দিগাল,কলিয়াবৰ শাখাৰ উপ সভাপতি নৰেশ গুৱালাকে ধৰি স্থানীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক লগত লৈ পথ অৱৰোধ কৰে। প্ৰতিবাদকাৰীসকলে  হাতে হাতে প্লেকাৰ্ড লৈ  মন্ত্ৰী কেশৱ মহন্ত হুচিয়াৰকে ধৰি বিভিন্ন চৰকাৰ বিৰোধী  শ্ল’গান দিয়ে।

প্ৰতিবাদৰ অন্তত কলিয়াবৰ মহকুমা প্ৰশাসনৰ দণ্ডাধীশ বিষয়াৰ হাতত বিভাগীয় কৰ্তৃপক্ষক আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাওঁ জিলা সমিতিৰ বিষয় ববীয়াসকলে।

অন্যথা অসম চাহ জনজাতি ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এক বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব বুলিও জানিবলৈ দিয়ে ।

(১)সন্থাই জনোৱা দাবী সমূহৰ ভিতৰত কেইটামান হ’ল—আমণিৰ পৰা আঞ্জুকপানীলৈ যোৱা পথটো অতি সোনকালে নিৰ্মাণৰ বাবে ব্যৱস্থা কৰিব লাগে।২)বৰজুৰি পৰা ধৰি ৰঙামাটি , ননৈ, উদমাৰী ,কঁঠালগুৰি আৰু চামগুৰি লৈ যোৱা মূল পথসমুহ অতি সোনকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে ।

(৩) কাৰ্বিআংলংত অবধ্যভাবে ,যধে মধে শিলৰ মহল কুঁৱাৰী আবন্টন দিয়াৰ অভিযোগ উঠিছে। অবধ্য কোৱাৰী বা বালি / মাটি খননকাৰ্য বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।(৪)ঐতিহ্যমণ্ডিত বনভোজস্থলী প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰিপৰা বৰজুৰি অঞ্চলটোত কোৱাৰী খনন কাৰ্য্য বন্ধ কৰিব লাগে ।

(৫)কঠালগুৰিত জনবসতি এলেকাত অৱস্থিত এক বৃহৎ ক্ৰেচাৰ (RS) আৰ এছ গান্ধী নামৰ ক্ৰেচাৰ খন দিনে নিশাই অনিয়মভাবে চলাই । যাৰ ফলত স্থানীয় ৰাইজৰ বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্থ হোৱা দেখা যায় ।যেনে ছাত্র ছাত্ৰী পঢ়া শুনা ক্ষেত্ৰত , ধূলি মাকতি,শব্দ প্ৰদূষণ আদি সেয়েহে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব ।(৬)শিল কঢ়িয়াই অনা গধুৰ দাম্পাৰ গাড়ী কিছুমান লোকক দুৰ্ঘটনা সংগঠিত কৰি মালিক পক্ষ কোনো ধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় সহযোগ বা খা খবৰ লোৱা দেখা নগল তাৰ বাবে ব্যৱস্থা গ্রহণ কৰক।