“ঢেকেৰী” শব্দৰে আহোম নেতাৰ কলিতা জনগোষ্ঠীক অপমানৰ অভিযোগ; জকি উঠিল কলিতা জনগোষ্ঠী সন্মিলন

আটাছুক ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠীয় সন্মিলনৰ

বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শণিবাৰে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখপাত্ৰ যাদৱ কোঁৱৰে অসমৰ কলিতা জনগোষ্ঠীক অপমান বা তুচ্ছ-তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আঙুৰলতা ডেকাৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ “ঢেকেৰী জনগোষ্ঠী” শব্দ তথা আঙুৰলতাৰ জাতিৰ ১৪ গোষ্ঠীৰ বুৰঞ্জীত নাম নাই বুলি কটাক্ষ কৰিছিল।

ইয়াৰ পাছতে ক্ষোভিত হৈ সংবাদমেল সম্বোধন কৰে কলিতা জনগোষ্ঠীয় সন্মিলনে।
সংবাদমেলত সন্মিলনৰ সাধাৰণ সম্পাদক বিষ্ণু পাটগিৰীয়ে কয় “আটাছু নামৰ জনগোষ্ঠীয় সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰগৰাকীয়ে অহেতুকভাৱে কলিতা জনগোষ্ঠীক বিষয়টোৰ মাজলৈ টানি আনি তীব্ৰ বিদ্বেষ আৰু ঘৃণাৰে আমাক যিদৰে উপচাই পেলালে সেয়ে কোনো খন্তেকীয়া আৱেগিক মন্তব্য নহয়, বৰঞ্চ দীৰ্ঘদিন ধৰি তেওঁলোকৰ মনৰ মাজত লুকাই থকা ঈৰ্ষাৰ প্ৰতিফলন মাত্ৰ”।

“ পাঁচ হাজাৰ বছৰীয়া ইতিহাস সমৃদ্ধ কলিতাসকলে সদায় দেশ আৰু জাতিৰ স্বাৰ্থত তেনে বহু অপমান সহ্য কৰিও নীৰৱে অসমীয়া সমাজখনক ঐক্যবদ্ধ আৰু সমৃদ্ধিশীল কৰি ধৰি ৰাখিছে তাক দোহৰাৰ প্ৰয়োজন নাই”। পাটগিৰীয়ে লগতে কয়।
ইপিনে, আটাছু নামৰ সংগঠনটোক ৰাজবুৱাভাবে কলিতা জনগোষ্ঠীৰ ওচৰত মাৰ্জনা বিচাৰিবৰ বাবে সন্মিলনৰ সভাপতি ড০ সোণেশ্বৰ কলিতাই দাবী জনায়।

ইয়াৰোপৰি, ৪৮ ঘন্টাৰ ভিতৰত আটাছুৰ নেতৃত্বক নিজৰ বক্তব্য প্ৰতযাহাৰ কৰি কলিতা জনগোষ্ঠীৰ ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিবলৈ সোণেশ্বৰ কলিতাই দাবী জনায়।