• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিল্পী বিক্ৰম হাজৰিকাক স্মৰণ : কণ্ঠশিল্পী কাকলি শইকীয়াৰ “অ’ বতাহ” শীৰ্ষক শ্ৰব্য গীত উন্মোচন

মিণ্টু দাস by মিণ্টু দাস
December 2, 2018 2:14 pm
cassette released.photo

নগাঁৱত শনিবাৰে কণ্ঠশিল্পী কাকলি শইকীয়াৰ "অ’ বতাহ" শীৰ্ষক শ্ৰব্য গীত উন্মোচন অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

295
VIEWS
Share on FacebookShare on Twitter

“মৃত্যু চিৰন্তন। এই চিৰন্তন সত্যক কোনেও বাধা দিব নোৱাৰে। কিন্তু মানুহে নিজৰ সৃষ্টিশীল কৰ্মযজ্ঞৰ দ্বাৰা মৃত্যু জয় কৰি মৃত্যুঞ্জয়ী হৈ ৰ’ব পাৰে ৷” জাগৃত্ৰি এণ্টাৰটেইনমেণ্টৰ উদ্যাোত শনিবাৰে নগাঁও প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত বিশিষ্ট অভিনেতা বিক্ৰম হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপক এক অনুষ্ঠানত কণ্ঠশিল্পী কাকলি শইকীয়াৰ “অ’ বতাহ” শীৰ্ষক শ্ৰব্য গীতটিৰ শুভ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উল্লেখিত মন্তব্য কৰে প্ৰবীণ শিল্পী তথা স্বনামধন্য তবলাবাদক যজ্ঞ বেজবৰুৱাই।

আধুনিক শ্ৰব্য গীতৰ অনুষ্ঠানটিত “অ’ বতাহ” নামৰ কালজয়ী গীতটোৰ দৃশ্য শ্ৰব্যটি উন্মোচন কৰি অভিনেতা পুত্ৰ বিক্ৰম হাজৰিকাৰ স্মৃতি ৰোমন্থনেৰে মাতৃ তথা একালৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰভা হাজৰিকা আবেগ বিহ্বল হৈ পৰে। পুত্ৰৰ অনুপস্থিতিত হ’লেও পুতেকৰ আশা আজি পূৰণ হোৱা বুলি ব্যক্ত কৰি মাতৃ হাজৰিকাই দুচকু মচি তাৰ সৃষ্টিৰেই এয়া সফল মূল্যায়ন হোৱা বুলি শোকদগ্ধ হৃদয়েৰে প্ৰকাশ কৰে।

বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট গীটাৰবাদক কৃষ্ণ দুলাল বৰুৱাই অনুষ্ঠানত যোগদান কৰি গীতটোত তেওঁ কৰা সুৰৰ বিষয়ে আৰু সংগীত শিল্পী অপূৰ্বজ্যোতি ভূঞাই গীতৰ গীতিকাৰ হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ৰমে গীতৰ সুৰ আৰু কথা সম্পৰ্কে মনোজ্ঞ বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটিত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক বিপুল বৰুৱা, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা ড° স্বপ্না নেওগ, শিল্পী গুণ শইকীয়া, ৰঞ্জন বেজবৰুৱা, প্ৰণতি বৰা, অঞ্জলি মহন্ত, হেলেন পণ্ডিত, সাংবাদিক শৈলেন শইকীয়া, চন্দনজ্যোতি বৰা, শিৱ প্ৰসাদ বৰা প্ৰমুখ্যে ডেৰ কুৰিৰো অধিক লোকৰ সমাবেশ ঘটে।

সামগ্ৰিকভাগে অনুষ্ঠানটিৰ আঁ‌ত ধৰে সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে। শিল্পী কাকলি শইকীয়াই সময়ক সদায় কামেৰে ধৰি ৰাখিবলৈ কৰি অহাৰ ফলশ্ৰুতিতেই তেওঁৰ সৃষ্টি ৰাজিয়ে সজাল ৰূপ ধৰা বুলি অভিমত প্ৰকাশ কৰে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd