মহাৰাষ্ট্রৰ ছত্রপতি সম্ভাজি নগৰত অৱস্থিত মোগল সম্রাট ঔৰংজেৱৰ সমাধিক কেন্দ্ৰ কৰি আৰম্ভ হৈছে নতুন বিতৰ্ক। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে দাবী কৰিছে যে অবিলম্বে অপসাৰণ কৰা হ’ব সমাধিটো। সমাধি অপসাৰণ নকৰিলে, ১৯৯২ চনৰ বাবৰি মছজিদৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি সংগঠনসমূহে দবী কৰিছে।
ভিএইচপি আৰু বজৰং দলে ঘোষণা কৰা অনুসৰি সোমবাৰ পুৱা ১১:৩০ বজাত খুলদাবাদত ঔৰংজেৱৰ সমাধি অপসাৰণৰ দাবীত ৰাজ্যব্যাপী বিক্ষোভ চলাব। এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে সমাধি স্থানৰ চাৰিওপাশে সুৰক্ষা ব্যৱস্থা মজবুত কৰি তুলিছে ।
সংগঠনসমূহৰ দাবী কৰিছে যে ঔৰংজেৱৰ সমাধি পৰাধীনতা আৰু নিৰ্দয়তাৰ প্ৰতীক, সেয়া ঔৰংজেৱৰ সমাধি অপসাৰণ কৰা উচিত। তেওঁলোকে মহাৰাষ্ট্র চৰকাৰক ততালিকে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।
মহাৰাষ্ট্রএ উপ-মুখ্যমন্ত্ৰী একনাথ শিন্ডেৰ নেতৃত্বত শিবসেনাৰ সদস্য আৰু ৰাজ্যৰ মন্ত্রী সঞ্জয় শিৰসতে ভিএইচপি আৰু বজৰং দলৰ দাবীসমূহক সমৰ্থন কৰিছে। তেওঁলোকে ঔৰংজেৱৰ দৰে অত্যাচাৰী শাসকৰ সমাধি ৰক্ষাৰ কোনো যুক্তি নাই মত প্ৰকাশ কৰিছে।
ইফালে এনচিপিৰ নেতা জিতেন্দ্ৰ আওহাদে এই দাবীৰ বিপৰীতে কয় যে “ৰাবণৰ নাম নাথাকিলে কি ৰামায়ণ বৰ্ণনা কৰিব পাৰি? আফজল খান নাথাকিলে কি প্ৰতাপগড়ৰ যুদ্ধ বৰ্ণনা কৰিব পাৰি নেকি বুলি মত প্ৰকাশ কৰি, ইতিহাসৰ অংশ হিচাপে ঔৰঙ্গজেবৰ সমাধি সংৰক্ষণ কৰা উচিত বুলি উল্লেখ কৰে।