• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোলোঙাপাৰ-গিবন অভয়াৰণ্যত বেদান্ত-কেয়াৰ্ণ কোম্পেনীৰ তেল অন্বেষণ প্ৰকল্পক লৈ গভীৰ উদ্বেগ প্ৰকাশ সাংসদ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2025 9:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি লোকসভাৰ প্ৰশ্নোত্তৰ কালত যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অসমত বনাঞ্চল হ্ৰাস হোৱা বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰি চৰকাৰৰ পৰা এই বিষয়ত সঁহাৰি বিচাৰি প্ৰশ্ন উথ্থাপন কৰে। সাংসদগৰাকীয়ে বিশেষকৈ যোৰহাটৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ইক’ চেন চিটিভ জ’নৰ (ESZ)ৰ খচৰা অধিসূচনা (S.O. 1828(E), তাৰিখ ৭ মে’, ২০১৮) আৰু চূড়ান্ত অধিসূচনা (S.O. 3462(E), তাৰিখ ২৩ ছেপ্টেম্বৰ, ২০১৯)ৰ মাজত থকা গুৰুতৰ বিসংগতিৰ কথা উল্লেখ কৰে।

তেওঁ আঙুলিয়াই দিয়ে যে ২০১৮ চনৰ খচৰা অধিসূচনাত তেল আৰু গেছৰ অনুসন্ধানৰ ওপৰত স্পষ্টভাৱে নিষেধাজ্ঞা আছিল, কিন্তু জনসাধাৰণৰ কোনো ৰাজহুৱা উজৰ-আপত্তি নথকা সত্ত্বেও চূড়ান্ত অধিসূচনাত এই নিষেধাজ্ঞা আঁতৰাই পেলোৱা হ’ল।

Apply Now

গগৈয়ে লগতে এই কথাও উনুকিয়াই যে বেদান্ত লিমিটেডে তেওঁলোকৰ আগতীয়া উৎপাদন ইউনিট (EPUs) আৰু দ্ৰুত উৎপাদন ইউনিট (QPUs)ৰ প্ৰস্তাৱৰ জৰিয়তে তেল আৰু গেছৰ অনুসন্ধানৰ নামত তেল আৰু গেছৰ উৎপাদন কৰিব বিচাৰিছে । তেওঁ এই নিষেধাজ্ঞা হঠাৎ আঁতৰোৱাৰ কাৰণৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি অতি গুৰুত্বপূৰ্ণ এই বিষয়টোৰ ওপৰত চৰকাৰৰ পৰা এটা  স্পষ্টীকৰণ দাবী কৰিছে। 

সাংসদগৰাকীয়ে কয় যে তেল আৰু গেছৰ উৎপাদনক কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (CPCB)ৰ ৰেড কেটেগৰী শ্ৰেণীৰ তালিকাত (প্ৰদূষণ সূচক ≥ ৬০) অত্যন্ত প্ৰদূষণকাৰী উদ্যোগ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে আৰু সেয়েহে পৰিবেশ সংবেদনশীল আৰু সংৰক্ষিত অঞ্চলত এনে কাৰ্যকলাপ স্পষ্টভাৱে নিষিদ্ধ। গতিকে এনে শ্ৰেণীবিভাজনৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী ব’ৰ্ডৰ(Wildlife Board)পৰা এই প্ৰকল্পসমূহে কেনেকৈ অনুমোদন লাভ কৰিলে? হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ দৰে ESZত এনে কাৰ্যকলাপৰ অনুমতি দিয়া উচিত নহয়। 

অবৈধ কয়লা খননৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি  সাংসদগৰাকীয়ে তথ্য দাঙি ধৰে যে কাৰ্বি আংলং আৰু ডিমা হাছাওত সৰ্বাধিক বন ধ্বংসৰ হাৰৰ ই এটা কাৰণ। তেওঁ প্ৰশ্ন কৰে যে ৰাজ্য চৰকাৰে বন আৰু পৰিৱেশ নীতিৰ নিৰ্দেশনাসমূহ পালন কৰিছে নে নাই ? অসমৰ বনান্চল ধ্বংসৰ আঁৰত জিলা বন বিষয়াসকলৰ কি  ভূমিকা সেই বিষয়ে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক এটা কেন্দ্ৰীয় তদন্তকাৰি দল গঠনৰ দাবী জনায়। 

ইয়াৰ উপৰিও,ভাৰতৰ ৰাজ্য সমূহৰ অৰণ্যৰ  প্ৰতিবেদন (ISFR) ২০২৩ ৰ উদ্ধৃতি দি সাংসদগৰাকীয়ে কয় যে ২০২১ৰ পৰা ২০২৩ৰ ভিতৰত অসমৰ বনাঞ্চল ৮৬.৬৬ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে। অসম বিজ্ঞান আৰু প্ৰযুক্তি পৰিৱেশ পৰিষদে(ASTEC) একে সময়ছোৱাত মুঠ ৮৩.৯২ বৰ্গ কিলোমিটাৰ অৰণ্য আৰু গছ-গছনিৰ ক্ষতিৰ কথা নিশ্চিত কৰিছে।

সাংসদ গগৈৰ উদ্বেগ আৰু দাবীৰ প্ৰতি সঁহাৰি জনাই বন আৰু পৰিবেশ ৰাজ্যমন্ত্ৰী গৰাকীয়ে ২০২১ৰ পৰা ২০২৩ ৰ ভিতৰত অসমত বনাঞ্চলৰ হ্ৰাস হোৱাৰ কথা স্বীকাৰ কৰে আৰু অবৈধ কয়লা খনন কাৰ্যকলাপৰ বিৰুদ্ধে সম্পূৰ্ণ তদন্তৰ আশ্বাস প্ৰদান কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd