অন্তিম টেষ্টত পৰাজিত ইংলেণ্ড, ৪-০ ব্যৱধানত এছেজ শৃংখলা জয় অষ্ট্ৰেলিয়াৰ

Australia beat England

চলিত এছেজ শৃংখলাৰ অন্তিমখন টেষ্টত বেটিং বিপৰ্যয়ৰ বাবে বিধ্বস্ত হৈ পৰিল ইংলেণ্ড। এইদৰে অন্তিমখন টেষ্টতো পৰাজিত হৈ ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ হাতত ছিৰিজ হেৰুৱালে ৪-০ ব্যৱধানত।

হবাৰ্টত ছিৰিজৰ পঞ্চম তথা অন্তিমখন টেষ্টৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ ৩০৩ৰাণৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ১৮৮ৰাণতে ইনিংছ সামৰে। সেইদৰে প্ৰথম ইনিংছত ১১৫ৰাণৰ লীড পায় অষ্ট্ৰেলিয়াই।

দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নামি অষ্ট্ৰেলিয়াই ১৫৫ৰাণহে কৰিবলৈ সক্ষম হয়। সেইদৰে ইংলেণ্ডৰ সন্মুখত জয়ৰ বাবে ২৭১ৰাণৰ লক্ষ্য বান্ধি দিয়ে।

লগতে পঢ়ক: চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে গেইলৰ সঞ্চালক ই এছ ৰংগনাথনক; উদ্ধাৰ নগদ ১.২৯ কোটি টকা

দেখাত লক্ষ্য কঠিন নাছিল আৰু ইংলেণ্ডৰ আৰম্ভণিও ভালেই আছিল। প্ৰথম উইকেটত ৰবি বাৰ্ণছ আৰু জেক ক্ৰাউলিয়ে ৬৮ৰাণ সংগ্ৰহ কৰে। কিন্তু অ’পেনিং যুটী আউট হোৱাৰ পাছত বাকী বেটাৰসকল ক্ৰীজত তিষ্ঠিবই নোৱাৰিলে।

এটা সময়ত ইংলেণ্ডৰ স্ক’ৰ আছিল ১উইকেটৰ বিনিময়ত ৮২ৰাণ। কিন্তু তাৰপৰা গৈ মাত্ৰ ১২৪ৰাণতে অল আউট হৈ যায় দলটো। বাকী ৯টা উইকেট ইংলেম্ডে হেৰুৱায় মাত্ৰ ৪২ৰাণত। ইংলেণ্ডে দ্বিতীয় ইনিংছত মাত্ৰ ৩৮.৫অ’বাৰহে খেলিবলৈ সমৰ্থ হয়।

লগতে পঢ়ক: ইনষ্টাগ্ৰামত ৩০ কোটি ফলোৱাৰ থকা প্ৰথমগৰাকী মহিলা; কোন তেওঁ জানেনে?

এইদৰে হবাৰ্টৰ দৈব-নিশাৰ টেষ্টখনত অষ্ট্ৰেলিয়াই তিনিদিনতে ১৪৬ৰাণৰ ব্যৱধানত বিজয় সাৱ্যস্ত কৰে।

৪খন টেষ্টত খেলি দুটা শতক আৰু এটা অৰ্দ্ধ শতককে ধৰি মুঠ ৩৫৭ৰাণ সংগ্ৰহ কৰা ট্ৰেভিছ হেডে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।