উশাহ ঘুৰাই পালে কেংগেৰুৱে! শ্ৰীলংকাক পৰাস্ত কৰি বিশ্বকাপত জয়ৰ মুখ দেখিলে অষ্ট্ৰেলিয়াই
অৱশেষত বিজয়ৰ পথলৈ উভতিল পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া। সোমবাৰে ৫ উইকেটত পৰাস্ত কৰে শ্ৰীলংকাক। কেংগেৰু দলটোৱে ৩৫.২ অভাৰত ২০৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি সহজে জয় সাৱ্যস্ত কৰে।
দৰাচলতে একেৰাহে দুখন মেচত পৰাস্ত হৈ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে যেন উশাহ হেৰুৱাই পেলাইছিল। সেয়ে,শ্ৰীলংকাৰ বিৰুদ্ধে লক্ষ্নৌৰ খেলখন অষ্ট্ৰেলিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।
শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আঘাতৰ বাবে অধিনায়ক দাছুন শানাকাই খেলপথাৰৰ পৰা বাহিৰ হৈ আছে। কিন্তু শ্ৰীলংকাই হাৰ মনা নাছিল। পাথুম নিশংকা আৰু কুশল পেৰেৰাই আৰম্ভণিতে এক সুন্দৰ আৰম্ভণি দিয়ে। দুয়োজনে প্ৰথম যুটিত ১২৫ ৰান সংগ্ৰহ কৰে।
অষ্ট্ৰেলিয়াৰ অধিনায়ক কামিন্সে এই যুটিটো ভাঙি পেলায়। নিশংকাক ঘূৰাই পঠিয়ায় (৬১)। আনজন অ’পেনাৰ কুশল পেৰেৰাও (৭৮) কামিন্সৰ চিকাৰ হয়।
ইয়াৰ পিছত শ্ৰীলংকাৰ বেটিং লাইন আপ তাচপাতৰ দৰে খহি পৰিল। তেওঁলোকৰ ইনিংছ অন্ত পৰে ৪৩.৩ অভাৰত ২০৯ ৰানত। মাজতে চেৰিথে আশালংকাই ২৫ৰাণ কৰে। বাকী কোনোৱেই দুটা সংখ্যাৰ ৰাণত উপনীত হ’ব নোৱাৰিলে।
অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠ বলাৰ হৈ উঠিল জাম্পা। তেওঁ চাৰিটা উইকেট লাভ কৰে। কামিন্সৰ বাহিৰেও ষ্টাৰ্কে দুটা উইকেট লাভ কৰে। মাত্ৰ ৪৪ ৰানত শ্ৰীলংকাই ৮টা উইকেট হেৰুৱায়।
ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ভাল আৰম্ভণি কৰা নাছিল। মাত্ৰ ২৪ ৰানৰ ভিতৰতে হেৰুৱায় দুটা উইকেট। মিচেল মাৰ্ছ ৫২, মাৰ্নাছ লাবুচেন ৪০ আৰু জোছ ইংলিছে ৫৮ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ পথলৈ ঘুৰাই আনে।
আনহাতে, মেক্সৱেলে ৩১ ৰানত অপৰাজিত হৈ থাকে। শ্ৰীলংকাৰ বলাৰৰ ভিতৰত মধুশংকাই তিনিটা উইকেট দখল কৰে।