• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ICC World Cup 2023: যোৱাবাৰৰ বিশ্ব চেম্পিয়নক বিদায় দি ছেমি ফাইনেলৰ পথত আৰু এঢাপ আগবাঢ়িল অষ্ট্ৰেলিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2023 8:57 am
4.9k
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলৰ পথত আৰু এঢাপ কাষ চাপিল অষ্ট্ৰেলিয়া। এইবাৰৰ সীমিত শক্তিৰ বলেৰেই আহমেদাবাদত যোৱাবাৰৰ বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰিলে পেট কামিন্সৰ দলটোৱে। কেংগেৰু বাহিনীৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বিদায় নিশ্চিত কৰিলে জোছ বাটলাৰ্ছৰ দলে।

শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত টছত পৰাস্ত হৈ অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ লয়। দলটোৱে ৪৯.৩ অভাৰত ২৮৬ ৰান কৰি অল আউট হয়। মাৰ্নাছ লাবুচেনে অৰ্ধশতক অৰ্জন কৰে। ষ্টিভ স্মিথ আৰু কেমেৰন গ্ৰীনে অৰ্ধশতকৰ পৰা বঞ্চিত হৈয়েই খেলপথাৰ এৰে।

৭টা বাউণ্ডেৰীৰ সহায়ত ৮৩টা বলত ৭৭ ৰান সংগ্ৰহ কৰি আউট হয় লাবুচেন। স্মিথে ৩টা বাউণ্ডেৰীৰ সহায়ত ৫২টা বলত ৪৪ ৰান সংগ্ৰহ কৰে। ৫২টা বলত ৫টা বাউণ্ডেৰীৰ সহায়ত গ্ৰীনে ৪৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰি ট্ৰেভিছ হেড ১১, ডেভিদ ৱাৰ্নাৰ ১৫, জোছ ইংলিছে ৩, মাৰ্কাছ ষ্টেইনিছ ৩৫, পেট কামিন্স ১০, মিচেল ষ্টাৰ্ক ১০, এডাম জাম্পাই ২৯ আৰু জোছ হেজলউডে ১ ৰান সংগ্ৰহ কৰে।

ইংলেণ্ডৰ ক্ৰিছ ৱ’কছে ৫৪ ৰানত ৪ টা উইকেট দখল কৰে। মাৰ্ক উড আৰু আদিল ৰছিদে ২টাকৈ উইকেট দখল কৰে। ডেভিড উইলি আৰু লিয়াম লিভিংষ্টনে ১টাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত ইংলেণ্ডে ৪৮.১ অভাৰত ২৫৩ ৰান কৰি অল আউট হয়। ৩৩ ৰানত জয়লাভ কৰি অষ্ট্ৰেলিয়াই ছেমি ফাইনেলৰ আৰু এঢাপ ওচৰ চাপিল। ৭ খন খেলৰ ভিতৰত ৬ খন খেলত পৰাস্ত হোৱাৰ পাছত যোৱাবাৰৰ বিশ্ব চেম্পিয়ন ইংলেণ্ডে আনুষ্ঠানিকভাৱে এই বিশ্বকাপৰ পৰা বিদায় নিশ্চিত কৰে। বাংলাদেশৰ পিছতে ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱা দ্বিতীয়টো দল ইংলেণ্ড। বেন ষ্ট’কছৰ সংগ্ৰাম অথলে গ’ল।

ষ্ট’কছে ৰান অতিক্ৰমৰ লক্ষ্যত নামি অৰ্ধশতক অৰ্জন কৰে। ২টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৯০টা বলত ৬৪ ৰান সংগ্ৰহ কৰি খেলপথাৰ এৰি যায় ষ্ট’কছে। ডেভিদ মালানেও অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৪টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৬৪টা বলত ৫০ ৰান কৰি আউট হয়।

ইয়াৰ উপৰি জো ৰুট ১৩, জোছ বাটলাৰ ১, ম’ইন আলী ৪২, লিয়াম লিভিংষ্টোন ২, ক্ৰিছ ৱ’কেছ ৩২, ডেভিড উইলি ১৫ আৰু আদিল ৰছিদে ২০ ৰান সংগ্ৰহ কৰি সাজঘৰলৈ উভতি যায়।

অষ্ট্ৰেলিয়াৰ এডাম জাম্পাই ১০ অভাৰত মাত্ৰ ২১ ৰানত ৩টা উইকেট দখল কৰে। মিচেল ষ্টাৰ্ক, জোছ হেজলউড আৰু পেট কামিন্সে ২টাকৈ উইকেট দখল কৰে। মাৰ্কাছ ষ্টিনিছে ১ উইকেট পায়। মেচৰ শ্ৰেষ্ঠ সন্মান লাভ কৰে জাম্পাই।

এই জয়ৰ ফলত ৭খন মেচত অষ্ট্ৰেলিয়াৰ পইণ্ট হয় ১০। ইংলেণ্ডে ৭খন খেলৰ ভিতৰত মাত্ৰ ১খন খেলত জয়লাভ কৰি ২ পইণ্ট সংগ্ৰহ কৰিছে। লীগ তালিকাত তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া। আনহাতে, লীগ তালিকাৰ একেবাৰে তলত আৰু ১০ নম্বৰ স্থানত আছে ইংলেণ্ড।

Recent News

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd