বিশ্বকাপৰ উদ্বোধনী মেচতে তেওঁৰ বেটৰ পৰা আহিছিল শতক। ইংলেণ্ডৰ বিৰুদ্ধে ৯৬ টা বলত ১২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত আছিল ৰাচীন ৰবীন্দ্ৰ। আৰু এইবাৰ তেওঁৰ বেটৰ পৰা আহিছিল ৮৯টা বলত ১১৬ ৰান। তেওঁ ১৩০.৩৩ ষ্ট্ৰাইক ৰেট বজাই ৰাখি ৯টা চাৰি আৰু ৫টা ছয় মাৰে। অৱশ্যে শেষ ৰক্ষা নহ’ল। ৪০.২ অভাৰত পেট কামিন্সৰ বলত মাৰ্নাছ লাবুছানৰ হাতত কেচ তুলি দিয়াৰ পিছতে কিউইৰ জয়ৰ আশা যেন নিৰ্বাপিত হৈ পৰিল।
অৱশেষত শ্বাসৰুদ্ধকৰ মেচখনত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক ৫ ৰাণত পৰাস্ত কৰি সকাহ লাভ কৰে। টীম ইণ্ডিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত এইবাৰ নিউজিলেণ্ড অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হ’ল। শেষত জিমি নিছামে ৩৯টা বলত ৫৮ ৰান সংগ্ৰহ কৰে যদিও কোনো লাভ নহ’ল। ৯ উইকেটত ৩৮৩ ৰানত স্তব্ধ হৈ পৰে নিউজিলেণ্ড।
দুই অ’পেনাৰ ডেভন কনৱে আৰু উইল ইয়ঙে আক্ৰমণাত্মকভাৱে আৰম্ভণি কৰে যদিও খেলখন বহু দূৰলৈ আগুৱাই নিব পৰা নাছিল। ৬১ ৰানত প্ৰথম উইকেট হেৰুৱাই কিউইয়ে। ইয়াৰ পিছতে জোছ হেজলউডে বিপক্ষক ৭২ ৰানত দ্বিতীয়টো আঘাত হানে। তথাপিও ৰাচিনে ডেৰিল মিচেলৰ সৈতে যুঁজ আৰম্ভ কৰে। আক্ৰমণাত্মক তৃতীয় উইকেটৰ যুটীত ৯৬ ৰান আহে।
নিউজিলেণ্ডে খেলখনত পুনৰ সোমাবলৈ লোৱাৰ সময়তে এডাম জাম্পাই ডেৰিল মিচেলক ঘূৰাই পঠিয়ায়। ডেৰিল মিচেল ৫৪ ৰানত আউট হয়। ফলত নিউজিলেণ্ডে ১৬৮ ৰানত ৩টা উইকেট হেৰুৱাইছিল।
ইয়াৰ পিছত আউট হোৱাৰ আগলৈকে সকলো আছিল ৰাচীন ৰবীন্দ্ৰৰ শ্ব’। বিশ্ব ক্ৰিকেটৰ দুগৰাকী ছুপাৰষ্টাৰৰ নামেৰে তেওঁৰ নাম! ৰাহুল দ্ৰাবিড়ৰ ‘ৰা’ আৰু শচীনৰ ‘চীন’ মিলাই ৰাচীন। বিশ্বকাপৰ উদ্বোধনী মেচত ট্ৰফী লৈ খেলপথাৰত প্ৰৱেশ কৰে শচীন টেণ্ডুলকাৰে। ইমান দিনে টেলিভিছনত দেখা মানুহজনক দেখাৰ সপোন পূৰণ হয় ৰবীন্দ্ৰৰ। অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ এই দৰ্শনীয় শতক অথলে গ’ল!
যদিও অষ্ট্ৰেলিয়াই ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সৈতে অভিযান আৰম্ভ কৰিছিল, এইবাৰ পুনৰ নিজস্ব ছন্দলৈ উভতিছে। শ্ৰীলংকা, পাকিস্তান আৰু আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত সেই কথা স্পষ্ট হৈ পৰিল। সেই ধাৰাবাহিকতা ৰক্ষা কৰি অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে কিউই বলাৰসকলক ক্লাব পৰ্যায়লৈ নমাই আনিলে। ফলত স্ক’ৰব’ৰ্ডত উঠিল ৩৮৮ ৰান।
আঘাতৰ বাবে ডেৰ মাহ ধৰি খেলপথাৰৰ পৰা আঁতৰি আছিল ট্ৰেভিছ হেড। স্বাভাৱিকতে বিশ্বকাপৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াই তেওঁৰ বৰঙণি লাভ কৰা নাছিল। অৱশ্যে দলৰ অধিনায়কে হেডক দেশলৈ ঘূৰাই পঠিয়াব বিচৰা নাছিল। বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে বুজাই দিলে যে তেওঁ কিয় দলৰ সৈতে ৰৈ গ’ল।
বিশ্বকাপ যুদ্ধৰ প্ৰথমখন মেচত তেওঁ নিউজিলেণ্ডৰ বলাৰক নিয়ন্ত্ৰণ কৰি মাত্ৰ ২৫টা বলত ৫০ ৰান সংগ্ৰহ কৰে। এই বিশ্বকাপৰ আটাইতকৈ দ্ৰুততম অৰ্দ্ধশতক। ৬৭ টা বলত ১০৯ ৰানত ৰৈ গৈছিল তেওঁৰ ইনিংছ। তেওঁ ১৬২.৬৮ ষ্ট্ৰাইক ৰেট বজাই ৰাখি ১০টা চাৰি আৰু ৭টা ছয় মাৰে। একে সময়তে অষ্ট্ৰেলিয়াৰ ভিতৰত পঞ্চম বেটছমেন হিচাপে তেওঁ বিশ্বকাপৰ অভিষেক মেচত শতক অৰ্জন কৰি এক অভিলেখ গঢ়িছিল।
ডেভিদ ৱাৰ্নাৰে ৬৫টা বলত ৮১ ৰান সংগ্ৰহ কৰি তেওঁক যোগ্য সংগ প্ৰদান কৰে। তেওঁ আক্ৰমণাত্মক নিজৰ ইনিংছত ৫টা চাৰি আৰু ৬টা ছয় মাৰে। প্ৰথম উইকেটৰ বাবে হেড আৰু ৱাৰ্নাৰে ১৭৫ ৰান দিয়ে। ৱাৰ্নাৰো চিনাকি মেজাজত আছিল। নেদাৰলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলত শতক অৰ্জন কৰিছিল ৱাৰ্নাৰে। আৰু এইবাৰো তেওঁৱেই প্ৰথমে অৰ্দ্ধশতক সম্পূৰ্ণ কৰিছিল।
অষ্ট্ৰেলিয়া শিবিৰত প্ৰথমটো আঘাত দিয়ে পাৰ্ট টাইম স্পিনাৰ গ্লেন ফিলিপছে। ফিলিপছৰ হাতত কট এণ্ড বল হৈ ৱাৰ্নাৰ পেভিলিয়নলৈ উভতি যায়। ৱাৰ্নাৰ ঘূৰি যোৱাৰ পিছত হেডে অধিক আক্ৰমণাত্মক মুডত ৰান সংগ্ৰহ কৰে। শেষত ফিলিপছে তেওঁক ১০৯ ৰানত আউট কৰে।
মিচেল মাৰ্ছে ৫১টা বলত ৩৬ ৰান সংগ্ৰহ কৰে। কিন্তু সেইদিনা ষ্টিভ স্মিথ (১৮) বা মাৰ্নাছ লাবুচেনে (১৮) বিশেষ ৰান লাভ কৰা নাছিল। দুয়োজনে ১৮ ৰানকৈ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। অৱশ্যে গ্লেন মেক্সৱেলে শেষৰখন মেচত যি ফৰ্মত বেটিং আৰম্ভ কৰিছিল, সেই ফৰ্মতে বেটিং আৰম্ভ কৰে। ২৪টা বলত ৪১ ৰানেৰে তেওঁৰ ইনিংছৰ সমাপ্ত হয়। পাঁচটা বাউণ্ডেৰী আৰু দুটা ছয় মাৰে। শেষত জছ ইংলিছ আৰু পেট কামিন্সে মিলি দলটোৰ স্ক’ৰ ৩৫০ৰ সীমা অতিক্ৰম কৰে। অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীয়ে মাত্ৰ ১৪টা বলত ৩৭ ৰানৰ ইনিংছ খেলে। তেওঁ ২টা বাউণ্ডেৰী আৰু ৪টা ছয় মাৰে।
কিউই বলাৰসকলৰ ভিতৰত গ্লেন ফিলিপছে ৩৭ ৰানত ৩ আৰু ট্ৰেণ্ট ব’ল্টে ৭৭ ৰানত ৩ টা উইকেট দখল কৰে। ছান্টনাৰে ৮০ ৰানত ২ টা উইকেট লাভ কৰে। ইয়াৰ পিছত ৰাচীন ৰবীন্দ্ৰই যুঁজ দি শতক অৰ্জন কৰে যদিও শেষ ৰক্ষা নহ’ল। বলাৰৰ শক্তিৰ বাবে অষ্ট্ৰেলিয়াই ২ পইণ্ট লাভ কৰি খেলপথাৰ এৰে।
সংক্ষিপ্ত স্কোৰ
অষ্ট্ৰেলিয়াঃ ৩৮৮ (হেড ১০৯, ৱাৰ্নাৰ ৮১, মেক্সৱেল ৪১, ইংলিছ ৩৮, কামিন্স ৩৭, গ্লেন ফিলিপছ ৩/৩৭, ট্ৰেণ্ট বল্ট ৩/৭৭)
নিউজিলেণ্ডঃ ৩৮৩/৯ (ৰাচীন ৰবীন্দ্ৰ ১১৬, ডেৰিল মিচেল ৫৪, জাম্পা ৩/৭৪, হেজেলউড ২/৭০, কামিন্স ২/৬৬)
অষ্ট্ৰেলিয়াই ৫ ৰানত জয়লাভ কৰে।