ড্ৰাগছ সেৱন কৰোৱাই অষ্ট্ৰেলিয়াৰ মহিলা সাংসদক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

অষ্ট্ৰেলিয়াৰ মহিলা সাংসদ ব্ৰিটানি ল’গা। ফাইল ফটোঃ সংগ্ৰহীত।

অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ ব্ৰিটানি ল’গা নামৰ এগৰাকী মহিলা সাংসদক ড্ৰাগছ সেৱন কৰোৱাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। ব্ৰিটানীয়ে অভিযোগ কৰে যে তেওঁক এটা পাৰ্টিত নিজৰ অজানিতে ড্ৰাগছ সেৱন কৰোৱা হৈছিল। এই ঘটনা সংঘটিত হৈছে তেওঁৰ নিজৰ নিৰ্বাচনী সমষ্টি য়েপ্পুনত।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৩৭ বছৰীয়া সাংসদগৰাকীয়ে যোৱা ২৮ এপ্ৰিলত প্ৰথমে আৰক্ষীৰ ওচৰলৈ গৈছিল আৰু পিছত চিকিৎসালয়লৈ যায়।

লগতে পঢ়কঃ নৰেন্দ্ৰ মোদীয়ে কিয় গুজৰাটৰ পৰা নিৰ্বাচন নেখেলে? কাৰণ জনাই সৰৱ প্ৰিয়ংকা গান্ধী

ঘটনা সন্দৰ্ভত অষ্ট্ৰেলিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ব্ৰিটানি ল’গাই কয় যে “যিকোনো মানুহৰ লগত এনেকুৱা ঘটনা হ’ব পাৰে। আৰু দুখৰ বিষয় যে আমাৰ বহুতৰে লগত এনেকুৱা হৈ থাকে।‘’

তেওঁ লগতে ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে কয় যে, “চিকিৎসালয়ত পৰীক্ষাৰ সময়ত মোৰ শৰীৰত ড্ৰাগছ পোৱা গৈছিল যিটো মই সেৱন কৰা নাছিলো। এই ঔষধে মোৰ শৰীৰত তীব্ৰ প্ৰভাৱ পেলাইছে।”

তেওঁ আৰু কয়, “এয়া সঠিক নহয়। এই ধৰণৰ হাৰাশাস্তি অবিহনে আমি সমাজৰ লগত মিলিত হোৱাৰ সুযোগ পোৱা উচিত।”

লগতে পঢ়কঃ ভাৰতীয় বিজ্ঞানীসকলৰ ডাঙৰ সফলতা! চন্দ্ৰত বৰফৰ নতুন প্ৰমাণ পোৱাৰ দাবী

কুইন্সলেণ্ডৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী মেগান স্কেনলনে এই কথা জানিব পাৰি আচৰিত প্ৰকাশ কৰে। ইয়াক “ঘৃণনীয়” আৰু “ভয়ংকৰ” বুলি অভিহিত কৰি তেওঁ কয় যে, “ব্ৰিটানী এজন সহকৰ্মী, বন্ধু আৰু কুইন্সলেণ্ড সংসদৰ সদস্য। তেওঁৰ বিষয়ে এইবোৰ শুনিবলৈ পোৱাটো বৰ দুৰ্ভাগ্যজনক।”