ভাৰতলৈ আহিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ

চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ উদ্দেশ্যেৰে যোৱা বুধবাৰে বিয়লি আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ। 

প্ৰধানমন্ত্ৰীজনে সৰৱমতী আশ্ৰমত কিছু সময় কটোৱাৰ পিছত তেওঁ ৰাজভৱনত উপস্থিত হয় আৰু হোলীৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। 

মঙলবাৰে মটেৰা ষ্টেডিয়ামত ভাৰতঅষ্ট্ৰেলিয়াৰ টেষ্ট ক্ৰিকেট খেলখন উপভোগ কৰি মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বাণিজ্যিক বৈঠকত অংশগ্ৰহণ কথা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীজনে। ইয়াৰ পিছতে নিশা নতুন দিল্লীত উপস্থিত হ’ব এণ্টনি আলবানিজ।

উল্লেখ্য যে সম্পূৰ্ণ ৬ বছৰৰ পৰা অন্তত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিছে।

ভাৰতত উপস্থিত হোৱাৰ পূৰ্বে আলবানিজে এই ভ্ৰমণক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে, “মই ভাৰতলৈ মোৰ লগত অষ্ট্ৰেলিয়াৰ ব্যৱসায়িক প্ৰতিনিধি দল লৈ যাম। কাৰণ ভাৰতৰ লগত অষ্ট্ৰেলিয়াৰ অতি গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক চুক্তি হ’বলৈ গৈ আছে। আমাৰ লক্ষ্য হৈছে দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক উন্নত কৰা আৰু সহযোগিতাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণ কৰা।”

অষ্ট্ৰেলিয়াৰ ব্যৱসায়িক প্ৰতিনিধি দলটোৱে মুম্বাইত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়াইণ্ডিয়া চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰি শেহতীয়াকৈ অষ্ট্ৰেলিয়াভাৰতৰ অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তিৰ জৰিয়তে মুক্ত বাণিজ্য আৰু বিনিয়োগৰ সুযোগ আৰু ভৱিষ্যত বিনিয়োগৰ বিষয়ে আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত আলবানেজৰ সৈতে থাকিব বাণিজ্য আৰু পৰ্যটন মন্ত্ৰী ডন ফেৰেল, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধি দলৰ সদস্যসকল।