কৰ্তৃপক্ষই শ্ৰীনগৰৰ জামা মছজিদ আৰু ঈদগাহত ঈদ উদযাপনৰ অনুমতি নিদিলে। এই সিদ্ধান্তই মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাৰ সমালোচনাৰ সন্মুখীন হৈছে।
মছজিদ পৰিচালনা কৰা অঞ্জুমান আউকাফ জামা মছজিদে এক বিবৃতিত কয় যে “মছজিদৰ গেট বন্ধ কৰি বাহিৰত আৰক্ষী জোৱান মোতায়েন কৰি ঈদগাহ শ্ৰীনগৰৰ লগতে ঐতিহাসিক জামা মছজিদত পুনৰবাৰ ঈদ-উল-আদাৰ নামাজত কৰ্তৃপক্ষই অনুমতি নাকচ কৰা বুলি জনাবলৈ পাই গভীৰ দুখ প্ৰকাশ কৰিছো।”
ইপিনে, “আজি পুৱা ফজৰৰ নামাজতো জামা মছজিদত অনুমতি দিয়া হোৱা নাছিল কাৰণ গেটবোৰ বন্ধ হৈ আছিল।”
নামাজ পঢ়াৰ পিছত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সংবাদ মাধ্যমৰ আগত কয় যে, আকৌ এবাৰ জামা মছজিদত নামাজ পঢ়াৰ অনুমতি নিদিয়াটো দুৰ্ভাগ্যজনক। “এই সিদ্ধান্তৰ আঁৰৰ কাৰণ মই নাজানো কিন্তু আমাৰ নিজৰ মানুহক বিশ্বাস কৰাৰ প্ৰয়োজন আছে। এইসকল লোকেই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল। চৰকাৰে জামা মছজিদত নামাজৰ অনুমতি দিয়া উচিত।”
পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী ইলতিজা মুফতিয়ে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয়, ‘ইদ আল আদাৰ শুভ উপলক্ষে মিৰৱাজ চাহাবক আটক কৰাটো দুখজনক আৰু একেবাৰে নিৰ্দয়। জামা মছজিদৰ দুৱাৰতো তলাবন্ধ কৰা হৈছে। সচৰাচৰৰ দৰে এন চি চৰকাৰ মৌন। ভাৰতৰ একমাত্ৰ মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যখনত মুছলমানসকলক তেওঁলোকৰ প্ৰাৰ্থনা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। আমি ইয়াৰ উত্তৰ দাবী কৰিছো।”
মিৰৱাজ উমৰ ফাৰুকেও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই পদক্ষেপক গৰিহণা দিয়ে।
তেওঁ কয়, “ঈদ মুবাৰক! আকৌ এবাৰ কাশ্মীৰ দুখজনক বাস্তৱত জাগ্ৰত: একেৰাহে সপ্তম বছৰৰ বাবে ঈদগাহত কোনো ঈদৰ নামাজ নহয় আৰু জামা মছজিদত তলা লগোৱা হয়। মইও মোৰ ঘৰত আবদ্ধ হৈ আছো। মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত মুছলমানসকলে আনকি সমগ্ৰ বিশ্বতে পালন কৰা তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠানতো নামাজ পঢ়াৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হয়! কি লজ্জাজনক যেতিয়া আমাৰ ওপৰত শাসন চলোৱাসকল তথা জনসাধাৰণে নিৰ্বাচিত কৰাসকল আমাৰ অধিকাৰ বাৰে বাৰে ভৰিৰে মোহাৰি যোৱাৰ পিছতো মৌন হৈ থাকে।”