মাহিলী ৩০০ টকাত আনলিমিটেড পানী নগৰ পানী যোগান আঁচনিত

AUWSSB provides unlimited water for Rs 300 per month

সংবাদ মেলত ডাঃ নুমল মমিন।

অসম নগৰ পানী যোগান আৰু পয়-প্ৰণালী পৰিষদে মাহিলী ৩০০ টকাত আনলিমিটেড পানী আগবঢ়াই আহিছে।

পৰিয়ালসমূহক এইক্ষেত্ৰত পানীৰ সংযোগো বিনামূলীয়াকৈ দিয়া হৈছে।

এই কথা সদৰী কৰি পৰিষদৰ অধ্যক্ষ ডাঃ নুমল মমিনে ৰাইজক পানীৰ সংযোগ ল’বলৈ আহ্বান জনাইছে।

“২৭টা আঁচনিৰ জৰিয়তে ২০,২০০ ঘৰ মানুহক পানী যোগান ধৰি থকা হৈছে৷ ১৬টা নতুন আঁচনিৰ কাম আৰম্ভ হৈছে, ২৪ খন আঁচনি হ’বলৈ গৈ আছে,” সংবাদমেলত মমিনে কয়৷

তেওঁ কয় যে মিৰ্জা আৰু মঙলদৈত পানী যোগানৰ কাম ইতিমধ্যেই সমাপ্ত হৈছে৷

“সোণাৰি, বিলাসীপাৰাৰ কাম জুন মাহত আৰু মাকুম, মাৰ্ঘেৰিটাত কাম ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত হ’ব” তেওঁ কয়৷

মমিনে কয় যে বৰ্তমান ৫৪খন চহৰত পানী যোগান আঁচনিৰ কাম হাতত লোৱা হৈছে৷

“গোটেই আঁচনিসমূহৰ কাম পুনৰ কৰিবলৈ আমি ২০১৮ বৰ্ষৰ পৰা বিভাগটোৱে কাম আৰম্ভ কৰিছিল৷ কৰ’না ভাইৰাছ আৰু কা আন্দোলনৰ বাবে কাম আধৰুৱা হৈছে,” তেওঁ কয়।

২০০৮, ২০১২ আৰু ২০১৩ চনৰ কাম আধৰুৱা হৈ পৰি আছিল বুলিও তেওঁ উল্লেখ কৰে।

“পূৰ্বে বাৰ্ষিক ৯১ কোটি টকা চৰকাৰৰ পৰা দিয়া হৈছিল। কিন্তু,খৰছ কৰিব পৰা নাছিল,” তেওঁ কয়৷

পৰিষদে ইতিমধ্যে ৭০০ কোটি টকাৰ নতুন আঁচনি গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে অধ্যক্ষজনে৷

ইফালে পৰিষদৰ অধীনৰ কৰ্মচাৰীৰ প্ৰসংগত তেওঁ কয় যে তেওঁলোকৰ ৩৭১জন কৰ্মী আছে।

তাৰে কামৰ বিনিময়ত মাজুৰি প্ৰদান কৰা কৰ্মীৰ সংখ্যা ২৪১জন আৰু ফিক্সড দৰমহা পায় ১৭জন কৰ্মীয়ে৷

“৫ মাহৰ দৰমহা দিয়া হোৱা নাই যদিও অনতি পলমে দিয়া হ’ব,” তেওঁ কয়।