NORTHEAST NOW (Assamese)

কেন্দ্ৰৰ কৰ’না প্ৰতিৰোধ নিৰ্দেশনা: যাত্ৰাৰ সময় ২ঘন্টাৰ কম হ’লে বিমানত দিব নোৱাৰিব খাদ্য

April 13, 2021 11:20 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ে লৈছে নতুন পদক্ষেপ। সেই অনুসৰি, ২ঘন্টাৰ কম সময়ৰ যাত্ৰাত বিমান সংস্থাসমূহে পৰিৱেশন কৰিব নোৱাৰিব খাদ্য।

এই খাদ্য পৰিৱেশনৰ ক্ষেত্ৰত চৰ্ত আৰোপ কৰা হৈছে। পেলাই দিব পৰা প্লেট, চামুচ-অৰ্থাৎ ডিছপ’জেবল প্লেটতে দিব লাগিব খাদ্য। তদুপৰি, সামাজিক দূৰত্ব বিধিও মানিব লাগিব।

যোৱা সপ্তাহত বিমান যাত্ৰা বহু পৰিমানে কমিছে। বিমান সংস্থাসমূহ লোকচানৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয়  অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ে।

কৰ’না প্ৰতিৰোধৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰ্যালয়ে জানিবলৈ দিছে।

স্পাইছ জেটৰ প্ৰাক্তন চিইঅ’ তথা আল্টন এভিয়েশ্যনৰ উপদেষ্টা সঞ্জীৱ কাপুৰে কেন্দ্ৰৰ এই পদক্ষেপক প্ৰশংসা কৰিছে।

তেওঁৰ মতে ইয়াৰ ফলত কেন্দ্ৰ তথা বিমান সংস্থাই ৰাজহ হেৰুৱাবলগীয়া হ’ব যদিও কৰ’না সংক্ৰমণৰ সমস্যা বহু হ্ৰাস পাব। তদুপৰি, দীঘলীয়া যাত্ৰাৰ ক্ষেত্ৰতো সকলো যাত্ৰীকে একেলগে খাদ্য পৰিৱেশন নকৰাই ভাল।

কিয়নো তেনেহ’লে সকলোৱে একেলগে মাস্ক খুলিব। কাপুৰে ঘৰৰ পৰা খাদ্য লৈ যোৱা কথাটোৰো বিৰোধী। তেওঁৰ মতে সেয়া হ’লে সমস্যাটো একেদৰেই থাকি যাব।

Related News