ক’ৰ’না ভাইৰাছে চীনত মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছত দক্ষিণ পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহত যথেষ্ট সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।
ইতিমধ্য চীন আৰু হংকং আদিলৈ পৰ্যটক যোৱাৰ বন্ধ কৰিছে।
আনহাতে আন ছখন দেশৰ পৰা যাত্ৰীসকল ওভতি অহাৰ পৰিলক্ষিত হৈছে।
এই ছখন দেশ হৈছে ক্ৰমে নেপাল, ইণ্ডুনেছিয়া, ভিয়েটনাম, মালয়ছিয়া, জাপান আৰু দক্ষিণ কোৰিয়া।
ভাৰত চৰকাৰেও এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছে।ভাৰতে যাত্ৰীসকলক অপ্ৰয়য়োজনীয় ছিংগাপুৰ ভ্ৰমণ কৰিবলৈ বাৰণ কৰিছে।
ইফালে চীন, হংকং, থাইলেণ্ড আৰু ছিংগাপুৰৰ পৰা উভতি অহা যাত্ৰীসকলক বিমান বন্দৰত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে।
আজি কেন্দ্ৰীয় চৰকাৰ বিভিন্ন মন্ত্ৰালয়সমূহৰ উচ্চ পৰ্যায়ৰ এখন বৈঠকত অনুষ্ঠিত হৈ যায়।
উল্লেখ্য যে দেশৰ ২১ টা বিমান বন্দৰৰ লগতে মুখ্য জাহাজ বন্দৰতো বিদেশৰ পৰা অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে বিমান যাত্ৰী সংখ্যা হ’ল ৩,৯৭,১৫২ আৰু সাগৰীয় যাত্ৰীৰ সংখ্যা হ’ল ৯,৬৯৫ গৰাকী।
ইফালে বিগত সময়ত চীনৰ পৰা ওভতি অহা ২১,৮০৫ গৰাকী যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰি ৩,০০০ চেম্পল দেশৰ বিভিন্ন লেব’ৰেটৰীত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে নেকি তাৰ পৰীক্ষা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ইণ্ডিয়ান কাউনচিল অৱ মেডিকেল ৰিচাৰ্ছৰ এগৰাকী চিকিৎসা বিজ্ঞানীয়ে।