• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলনলৈ দক্ষিণ কোৰিয়াৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিসকলক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2025 9:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হৈ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনলৈ দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলক আমন্ত্ৰণ জনায়।

শৰ্মাই আগন্তুক এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন উপলক্ষে আজি ছিউলত এক বৰ্ণাঢ্য ৰোডশ্ব’ত অংশগ্ৰহণ কৰি সম্ভাৱ্য বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনোৱাৰ লগতে অসমৰ ভৌগোলিক অৱস্থান, কৌশলগত সম্ভাৱনা আৰু ব্যৱসায়িক সুযোগ- সুবিধাসমূহৰ বিষয়ে উপস্থাপন কৰে।

Apply Now

তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ হকে বিশেষ অগ্ৰাধিকাৰ প্রদান কৰি আহিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এক্ট ইষ্ট পলিচিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিৰ লক্ষ্য হৈছে দক্ষিণ পূব আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধিৰ বাবে অসমক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চিহ্নিত কৰা। দক্ষিণ কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত আয়োজিত এই ৰোডশ্ব’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশখনৰ ১৪০ জনৰো অধিক ব্যৱসায়িক প্রতিষ্ঠানৰ মুৰৰী তথা শীৰ্ষ উদ্যোগীসকলৰ লগতো মত বিনিময় কৰে।

এডভাণ্টেজ আছাম ২.০ ৰপ্ৰতি দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলে প্রকাশ কৰা আগ্ৰহক প্রশংসা কৰি শৰ্মাই কয় যে দ্ৰুত বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে ভাৰতে বিশ্ব অৰ্থনীতিত স্থান লাভ কৰা বিষয়টোৱে তেওঁলোকক উৎসাহিত কৰি তুলিছে।

তেওঁ লগতে উল্লেখ কৰে যে অসমে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ৰে পাৰস্পৰিক লাভৰ বাবে দক্ষিণ কোৰিয়াৰ ব্যৱসায়িক আৰু উদ্যোগীসকলক অনন্য সুযোগ আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমক এক অগ্রণী বিনিয়োগৰ ক্ষেত্র হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিনিয়োগকাৰীৰে বন্ধুত্বপূৰ্ণ ব্যৱসায়িক পৰিৱেশ নিৰ্মাণৰ দিশত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ ত তেওঁলোকৰ অংশগ্ৰহণে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে এক পৰিৱেশ গঢ়ি তুলিব।

মুখ্যমন্ত্ৰীয়ে কয় যে অসম কেৱল মাত্ৰ বিনিয়োগৰ অপৰিসীম সম্ভাৱনাৰ বাবেই নহয়, পৰ্যটন ক্ষেত্ৰটো ই চহকী। চাহ বাগিচা, সুন্দৰ ৰিজৰ্ট’ৰ লগতে ইউনেস্ক’ৰ তিনিটা বিশ্ব এঁতিহ্য ক্ষেত্ৰত অসমত আছে। এই স্থানসমূহে পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে পৰ্যটকসকলক আতিথ্য প্ৰদান আৰু আমো৷দ-প্রমোদৰো ব্যৱস্থা কৰিব পাৰিব।

ইয়াৰ পিছতে শৰ্মাই কোৰিয়া ট্ৰেড ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সিৰ সভাপতি কিউংছুং কাঙৰ নেতৃত্বত এটা প্রতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে আগন্তক এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনলৈ তেওঁলোকক আমন্ত্ৰণ জনায়।

তেওঁ কয় যে আগন্তুক এই সন্মিলনখন বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ সন্মুখত অসমৰ ওদ্যোগিক আৰু বিনিয়োগৰ পৰিৱেশৰ বিষয়ে জ্ঞান বিনিময়ৰ এক মঞ্চ হিচাপে উপস্থাপিত হ’ব। বাণিজ্য, উদ্যোগ তথা দক্ষতা বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত অংশীদাৰীত্বৰে এই সন্মিলনে অসম আৰু কোৰিয়াৰ পাৰস্পৰিক ব্যৱসায়িক লাভৰ বাবে এক সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। পৰ্যটন ক্ষেত্ৰত অসমৰ প্ৰচুৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্ট্ৰ উদ্যোগৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ অ’এছএটি (আউট চৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট) পৰিপূৰক হিচাপে অসমক গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে দক্ষিণ কোৰিয়াৰ অট’ম’বাইল আৰু ইয়াৰ আনুষংগিক প্ৰতিষ্ঠানসমূহৰ মুখ্যকাৰ্যবাহী তথা শীৰ্ষ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্ৰী শৰ্মাই তেওঁলোকক অসমলৈ আমন্ত্ৰণ জনাই ৰাজ্যখনত অট’ম’বাইল আৰু আনুষংগিক সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

দক্ষিণ পূব এছিয়াৰ ১০০ বিলিয়ন ড’লাৰৰ ভাৰতৰ অট’ম’বাইল উদ্যোগ ক্ষেত্ৰখনত প্ৰৱেশৰ বাবে তেওঁলোকক অসম চৰকাৰে সকলো ধৰণৰ সা-সুবিধা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd