বঙাইগাঁৱত ‘আৱৰণ পৰিযোজনা’ শীৰ্ষক পাইলট প্ৰকল্পৰ শুভ উদ্বোধন

অসম চৰকাৰে নতুনকৈ হাতত লোৱা ‘আৱৰণ পৰিযোজনা’ শীৰ্ষক পাইলট প্ৰকল্প এটিৰ বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই শুভ উদ্বোধন কৰে ৷

এই উপলক্ষ্যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত উপায়ুক্তগৰাৰীয়ে বন্তি প্ৰজ্বলন কৰি আৱৰণ পৰিযোজনাৰ শুভ উদ্বোধন কৰে ৷

উল্লেখ্য যে প্ৰথম পৰ্যায়ত বঙাইগাঁও আৰু মৰিগাঁৱত এই পৰিযোজনা আৰম্ভ কৰা হৈছে। এই পৰিযোজনাৰ অধীনত চলিত মাহৰ ৫ অক্টোৱৰৰ পৰা ১১ অক্টোৱৰলৈকে আৰু আগন্তুক ২০২২ বৰ্ষৰ ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ প্ৰসৱকালীন যত্নৰ বিশেষ সেৱা উপলব্ধ হ’ব।

গৰ্ভৱতী মহিলাৰ বাবে এয়া স্বাস্থ্য পৰীক্ষাৰ বিশেষ কাৰ্যসূচী। প্ৰথম ত্ৰিমাসিকত প্ৰসৱকালীন পঞ্জীয়ণ বৃদ্ধি কৰা, প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাবে অন্তত: চাৰিটা নিশ্চিত স্বাস্থ্য পৰীক্ষা, স্ত্ৰীৰোগ বিশেষজ্ঞ বা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সুনিশ্চিত স্বাস্থ্য পৰীক্ষা,বিপদজনক গৰ্ভাৱস্থাৰ চিনাক্তকৰণ আৰু স্বাস্থ্য কেন্দ্ৰত প্ৰসৱৰ বাবে উচিত ব্যৱস্থাপনা কৰাই হৈছে ‘আৱৰণ পৰিযোজনা’ৰ মুখ্য উদ্দেশ্য।উল্লেখ্য যে এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভাও উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়।

স্বাস্থ্য বিভাগৰ জিলা আঁচনি প্ৰবন্ধক আনন্দ শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্য , অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া লাৱণ্য কুমাৰ শৰ্মা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াসকল, চেক্টৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়াসকল, জিলা সমন্বয়ক, খণ্ড সমন্বয়কসকলৰ লগতে আশা চুপাৰভাইজৰসকল উপস্থিত থকা সভাত উপায়ুক্তগৰাকীয়ে জিলাখনত গৰ্ভৱতী মহিলাৰ চিকিৎসা আৰু প্ৰসৱৰ ক্ষেত্ৰত বঙাইগাঁৱৰ স্বাস্থ্য বিষয়াসকলে দেখুওৱা তৎপৰতা সম্পৰ্কত পৰ্যালোচনা কৰে।

জিলাখনৰ খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত নিয়মীয়াকৈ প্ৰসৱ কাৰ্য চিকিৎসকসকলে কৰি আছে। বিশেষ জটিলতা থকা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত একান্ত গুৰুত্বসহকাৰে চিকিৎসকসকলে কৰা চিকিৎসাক উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই প্ৰশংসা কৰে।জিলাখনত স্বাস্থ্য বিভাগৰ ‘সৌভাগ্য আঁচনি’ৰ জৰিয়তে বিশেষ জটিলতা থকা গৰ্ভৱতী মহিলা যেনে উচ্চ ৰক্তচাপ থকা, ৰক্তহীনতা সমস্যা বা আন জটিলতা থকা গৰ্ভৱতী মহিলাৰ চিকিৎসা কৰি থকা হৈছে আৰু ইয়াৰ ফলত প্ৰসূতিৰ মৃত্যুৰ হাৰ ক্ৰমশ: কমি আহিছে।

আনকি প্ৰয়োজন সাপেক্ষে স্বাস্থ্য বিভাগৰ লোকে গৰ্ভৱতী মহিলা আৰু প্ৰসূতিক ৰক্তদানো কৰিছে আগ্ৰহেৰে আৰু এনেদৰে বহুকেইগৰাকী মহিলাৰ জীৱন ৰক্ষা কৰা হৈছে। এইক্ষেত্ৰত চেক্টৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ পৰ্যায়ৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈকে বিশেষ দক্ষতা দেখুওৱা চিকিৎসক তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মীক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ দিব বুলিও ঘোষণা কৰে উপায়ুক্তগৰাকীয়ে।

বিগত বৰ্ষত জিলাখনত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা ২৫ গৰাকী আছিল যদিও চলিত বৰ্ষত ৩ গৰাকীৰ মৃত্যু হৈছে ৷ সেইদৰে শিশুৰ মৃত্যুৰ হাৰো হ্ৰাস পাইছে ৷

বিগত বৰ্ষত ২৭০ টি শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে চলিত বৰ্ষত বৰ্তমানলৈকে ৫৩ টিৰ বিভিন্ন কাৰণত মৃত্যু হৈছে ৷ এই ক্ষেত্ৰত জিলা উপায়ুক্তগৰাকীয়ে জিলাখনত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ কিদৰে একেবাৰে ৰোধ কৰিব পাৰি তাৰ বাবে স্বাস্থ্য বিভাগে চেষ্টা অব্যাহত ৰখা বুলি কয় ৷

সভাত কেইবাগৰাকীও চিকিৎসকে গৰ্ভৱতী মহিলা তথা প্ৰসূতিৰ সফল চিকিৎসা কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰে। সভাত ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিকসকলো উপস্থিত থাকে।