NORTHEAST NOW (Assamese)

ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়াৰ উদ্যোগত তামুলপুৰত আৰক্ষী আৰু ছাত্ৰীৰে মত বিনিময় অনুষ্ঠান

November 25, 2021 10:06 am · দীপক কুমাৰ পাঠক, বাক্সা
Updated: November 25, 2021 10:07 am

ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়াৰ উদ্যোগত বাক্সাৰ তামুলপুৰত আৰক্ষী আৰু কিশোৰী ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় মত বিনিময় অনুষ্ঠান আৰু আইন সম্পৰ্কীয় সজাগতা সভা।

বিভিন্ন সময়ত কিশোৰী, যুৱতী, মহিলা সকল শাৰীৰিক, মানসিক ভাৱে উৎপীড়ণৰ সম্মুখীন হলে কি দৰে আইন কিম্বা আৰক্ষীৰ ওচৰ চাপিব লাগে সেই বিষয়ে কিশোৰী যুৱতী সকলক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই অনুষ্ঠানৰ।

তামুলপুৰ আৰক্ষী থানা চৌহদত অনুষ্ঠিত সভাত তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক সূত্ৰধৰ, আৰক্ষী বিষয়া ভাস্কৰ দেওঘৰীয়াই উপস্থিত থাকি শাৰীৰিক নিৰ্যাতনৰ সম্মুখীন হলে কিশোৰী যুৱতী সকলে কি দৰে সাহসী হৈ আৰক্ষী কিম্বা আইনৰ সহায় লব লাগে সেয়া বুজাই কয়।

মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই প’স্ক’ আইনৰ ওপৰত বিতং বাখ্যা কৰি কিশোৰী যুৱতী সকলক কিদৰে আত্মৰক্ষা কৰিব পাৰে আৰু আৰক্ষীৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বাখ্যা কৰে।

ৰূপজ্যোতি কলিতাই কেৰিয়াৰ গাইডেন্সৰ বিষয়ে বক্তব্য ৰাখি যুৱতী- কিশোৰী সকলে কি দৰে আত্মনির্ভৰশীল হব পাৰে তাৰ ওপৰতো বক্তব্য ৰাখে।

Related News