NORTHEAST NOW (Assamese)

কার্বি আংলঙ জিলাৰ চন্দ্ৰ সিং ৰংপী গাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত আৰণ্যকৰ সজাগতা সভা

September 8, 2018 5:49 pm · উত্তম শইকীয়া

ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু কার্বি আংলঙ জিলাৰ পশুপালন ও পশু চিকিৎসা বিভাগৰ উদ্যোগত ৬ চেপ্তেম্বৰত কাজিৰঙাৰ গাতে লাগি থকা কার্বি আংলঙ জিলাৰ চন্দ্র সিং ৰংপি মেমোৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ত পশু পালন, বন্য প্রাণী সংৰক্ষণ আৰু স্বচ্ছতা সম্পর্কে এক সজাগতা সভা আয়োজন কৰা হয়।

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি স্বপন নাথে আঁত ধৰা এই অনুষ্ঠানত বিদ্যালয়ৰ চাৰি গৰাকী ছাত্ৰই এটা কার্বি লোক গীতেৰে অনুষ্ঠান আৰম্ভ কৰে।

অনুষ্ঠানত কাৰ্বি আংলঙৰ ৰংমংৱেৰ পশু চিকিৎসক বিশ্বজিৎ বৰুৱাই পশু পালন আৰু ছাত্ৰ-ছাত্ৰীয়ে ল’ব লগা ব্যক্তিগত স্বচ্ছতা সম্পর্কে সচিত্ৰ উপস্থাপনেৰে বক্তব্য আগবঢ়ায়।

তদুপৰি অনাৰেৰি ৱাইল্ড লাইফ কৰ্মী উত্তম শইকীয়াই বান পানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্য আৰু প্ৰাণৰক্ষাৰ বাবে কার্বি পাহাৰ লৈ ওলাই অহা বন্যপ্রাণীৰ সুৰক্ষা প্ৰদানত ছাত্ৰ-ছাত্ৰীৰ কৰণীয় সম্পৰ্কে বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত আৰণ্যকৰ প্রকল্প বিষয়া আৰিফ হোছেইন, আজীৱন সদস্য অশোক দে’, প্রকল্প বিষয়া চাৰ্লং তেৰণেও বক্তব্য আগবঢ়ায় ।

Related News