NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ নিজ মাকুম হাইস্কুলত “মিচন বসুন্ধৰা”ৰ সজাগতা সভা-ৰাজহ আদালত

November 11, 2021 8:44 pm · মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

অসম চৰকাৰ অভিলাষী আঁ‌চনি “মিচন বসুন্ধৰা” সম্পৰ্কে সজাগতা সভা আৰু ৰাজহ আদালত আজি মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত নিজমাকুম হাইস্কুলত অনুষ্ঠিত হয়।

ম্যাদী মাটিৰ উত্তৰাধিকাৰী নামাজাৰি, দলিল সূত্ৰে আৱন্টন পত্ৰৰ ম্যাদীকৰণ, একচনীয়া পট্টাৰ ম্যাদীকৰণ, বিবাদমুক্ত বাটোৱাৰা, ১ বিঘাতকৈ কম মাটিৰ শ্ৰেণী পৰিৱৰ্তন, ভূমি নথিত নাম সংশোধনকে ধৰি মাটিৰ বিভিন্ন বিষয়ৰ ওপৰত আজিৰ মিছন বসুন্ধৰাৰ সজাগতা সভাত আলোচনা কৰা হয়।

আজিৰ সভাখন সভাপতিত্ব কৰে ভিতৰ পাৱৈ গাঁও পঞ্চায়তৰ সভাপতি সুমন খালেন , সভাত উপস্থিত থাকে মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা,মাৰ্ঘেৰিটা জিলা পৰিষদৰ সদস্যা নিভাজোতি ফুকন লগতে মাৰ্ঘেৰিটা কেইবাজনো লাট মন্ডল উপস্থিত আছিল ।

উপস্থিত লাট মণ্ডল সকলে চৰকাৰৰ অভিলাষী আঁ‌চনি মিচন বসুন্ধৰা সম্পৰ্কে উপস্থিত ৰাইজক বহলাই অৱগত কৰে।

Related News