অসম সাহিত্য সভাৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱস; বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত

Golaghat Sahitya sabha

ফটো: নৰ্থইষ্ট নাও।

“অসম সাহিত্য সভাৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগিব। অসমীয়া জাতিৰ হিয়াৰ আমঠু অসম সাহিত সভা প্ৰকৃততে কি তাক নতুন প্ৰজন্মক বুজাই দিব পাৰিলেহে সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন সফল হ’ব।”

গোলাঘাটত ১০৫ সংখ্যক অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত স্মৃতি তৰ্পণ কৰি এই মন্তব্য কৰে সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে।

গোলাঘাটত আজি দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত হয় অসম সাহিত্য সভাৰ ১০৫  সংখ্যক প্ৰতিষ্ঠা দিৱস।

গোলাঘাট সমন্বয় ক্ষেত্ৰত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্য্যসূচীত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে সভাপতি কুলধৰ শইকীয়াই।

একেসময়তে সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১০৫ খন পতাকাও উত্তোলন কৰা হয়।

পতাকা উত্তোলনত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী, অলিম্পিক মেডেল প্ৰাপ্ত লাভলীনা বৰগোঁহাই, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীকে প্ৰমুখ্য কৰি ১০৫  গৰাকী বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তিয়ে।

অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। এই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বিহু, কাৰ্বি নৃত্য, মিছিং, বড়ো, ঝুমুইৰ, ভোৰতাল আদি নৃত্য প্ৰদৰ্শন কৰে।

মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি উপসভাপতি, বিধায়ক বিশ্বজিৎ ফুকনকে ধৰি অংশগ্ৰহণ কৰে অৰণাচলৰ বিশিষ্ট সাহিত্যিক মহন্ত পাংগিং, নগালেণ্ডৰ নগা হো হোৰ সভাপতি এইছ কে ঝীমমিয়ে অংশগ্ৰহণ কৰে।