মহামাৰীৰ কালছোৱা আয়ুৰ্বেদৰ জনপ্ৰিয়কৰণৰ বাবে সঠিক সময় : প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে কয় যে কভিড-১৯য়ে সৃষ্টি কৰা এই পৰিস্থিতিত আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধসমূহে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে।

আয়ুৰ্বেদক সামগ্ৰিকভাৱে মানৱ বিজ্ঞান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কভিড-১৯ৰ সময়খিনি আয়ুৰ্বেদৰ জনপ্ৰিয়কৰণৰ বাবে সঠিক সময় বুলি উল্লেখ কৰে।

চতৰ্থসংখ্যক গ্ল’বেল আয়ুৰ্বেদ ফেষ্টিভেলৰ ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধ কৰি তেওঁ কয় যে ভাৰতীয় সংস্কৃতিৰ সন্মানৰ স’তে আয়ুৰ্বেদৰ উতঃপ্ৰোত সম্পৰ্ক আছে।

”শাৰীৰিক শক্তিৰ পৰা মানসিক সুস্থতালৈকে, আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধসমূহৰ প্ৰভাৱ অপৰিসীম।”- প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কভিড-১৯ মহামাৰীৰ সময়ত হালধি, আদা, জালুককে ধৰি পৰম্পৰাগত ঔষধসমূহৰ চাহিদা বাঢ়ি আহিছে।

”মানুহে আয়ুৰ্বেদৰ গুণাগুণসমূহ আৰু ৰোগপ্ৰতিৰোধত ইয়াৰ ভূমিকাৰ বিষয়ে বুজি উঠিছে।”- তেওঁ কয়।

”চৰকাৰৰ হৈ, মই আয়ুৰ্বেদৰ জগতখনলৈ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰিছো। ভাৰতে ৰাষ্ট্ৰীয় আয়ুস মিছত আৰম্ভ কৰিছে।”- তেওঁ কয়।

তেওঁ উল্লেখ কৰে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত পৰম্পৰাগত ঔষধৰ এটা গোলকীয় কেন্দ্ৰ স্থাপন কৰাৰ ঘোষণা কৰিছে।

”ই আদৰণীয় যে বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰলৈ আয়ুৰ্বেদ অধ্যয়ন কৰিবলৈ আহিব।”- প্ৰধানমন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে ‘দ্যা গ্ল’বেল আয়ুৰ্বেদ ফেষ্টিভেল’ত ২৫খনতকৈও অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লৈছে।

১২ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈকে অনুষ্ঠিত হোৱা অনুস্থানটোত ৩৫জন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী আৰু ১৫০ জন ভাৰতীয় বিজ্ঞানীয়ে ভাষণ প্ৰদান কৰিব।