B-Pharmৰ শিক্ষাৰ্থীসকল সাৱধান হওক; চৰকাৰী NOC নোহোৱাকৈয়ে নামভৰ্তি ৰাজ্যৰ কেবাখনো প্ৰতিষ্ঠানৰ

চৰকাৰৰ অনুমতি নোহোৱাকৈয়ে শিক্ষাৰ নামত ব্যৱসায় চলাই আছে অসমৰ একাংশ ফাৰ্মাচী শিক্ষাৰ প্ৰতিষ্ঠানে।

বিশ্ববিদ্যালয়ৰ নিৰ্দেশনাকো আওকান কৰি চৰকাৰী অনুমতি অবিহনে এই প্ৰতিষ্ঠানসমূহে চলাইছে নামভৰ্তী প্ৰক্ৰিয়া।

যোৱা ১০ আগষ্টত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে জাৰি কৰা এক নিৰ্দেশনাযোগে বিশ্ববিদ্যালয়খনে নিম্নোল্লেখিত পাঁচখন প্ৰতিষ্ঠানক ২০২১ বৰ্ষত বি ফাৰ্মৰ নামভৰ্তিৰ বাবে বাৰণ কৰিছিল।

ফাৰ্মাচী কাউন্সিৰ অৱ ইণ্ডিয়া আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নীতি উলংঘা কৰাৰ বাবে প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা লৈছিল। বিশ্ববিদ্যালয়খনৰ শিক্ষা পৰিষদৰ ২৭ জুলাইত অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্ত অনুসৰি এই নিৰ্দেশনা জাৰি হৈছিল।

২০২১ বৰ্ষত বি ফাৰ্মৰ নামভৰ্তীথ নিষেধাজ্ঞা জাৰি কৰা প্ৰতিষ্ঠান কেইখন ক্ৰমে- গুৱাহাটীৰ সাতগাঁৱৰ চানচিটি লেনত থকা JB Institute of Pharmacy, নগাঁৱৰ কলংপাৰত থকা NEF College of Pharmaceutical Education and Research, কৰিমগঞ্জৰ বদৰপুৰত থকা Allama TR College of Pharmacy, গুৱাহাটীৰ বেলতলাত থকা NEPEDS College of Pharmaceutical Science আৰু গুৱাহাটীৰ টেপেচিয়াত থকা Regional College of Pharmaceutical Science ।

এই প্ৰতিষ্ঠানকেইখনে বি ফাৰ্ম পাঠ্যক্ৰমৰ বাবে অসম চৰকাৰৰ NOC লাভ কৰা নাই।

কিন্তু বিশ্ববিদ্যালয়ৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেকুওৱাই এই প্ৰতিষ্ঠানসমূহে অবৈধভাৱে নামভৰ্তী প্ৰক্ৰিয়া চলাই আহিছে।

নামভৰ্তিৰ বাবে প্ৰতিষ্ঠানকেইখনে বিভিন্ন মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰিছে। কেইখনমানে নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাও অনুষ্ঠিত কৰিছে। ইফালে পাঠ্যক্ৰমৰ মাছুল নিৰ্ধাৰণ কৰিছে ৪-৬ লাখ টকা পৰ্যন্ত।

ইপিনে, নিৰ্দেশনা জাৰি কৰিয়েই দায়িত্ব সামৰিলে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাক জনোৱা মতে জুন মাহৰ পৰাই এই প্ৰতিষ্ঠানকেইখনে নামভৰ্তি প্ৰ্ৰক্ৰিয়া চলাই আহিছে।

আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১০ আগষ্টতহে প্ৰতিষ্ঠানকেইখনৰ নামভৰ্তিত নিষেধাজ্ঞা জাৰি কৰি নিৰ্দেশনা জাৰি কৰিছিল। গতিকে বিশ্ববিদ্যালয় উপায়হীন। কিন্তু এটা কথা মন কৰিবলগীয়া ২০২১ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে জুলাই মাহৰ শেষতহে, কিন্তু জুন মাহৰ পৰাই প্ৰতিষ্ঠানকেইখনে নাম ভৰ্তি কৰাই আহিছে। অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ ফলাফল ওলাৱাৰ এমাহৰ আগৰ পৰাই নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আহিছে।

২০১৯ চনৰে পৰা এই প্ৰতিষ্ঠান কেইখনে B-Pharm পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰি আহিছে। অথচ প্ৰতিষ্ঠান কেইখনে অসম চৰকাৰৰ NOC লাভ কৰাই নাই।

ফাৰ্মাচী কাউন্সিৰ অৱ ইণ্ডিয়া আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নীতি উলংঘা উলংঘা কৰি পাঠ্যক্ৰমটোৰ পাঠদান চলাই আহিছে। যি কথা গুৰুত্ব নিদিয়াৰ বাবে বিশ্ববিদ্যালয়খনে এই প্ৰতিষ্ঠানকেইখনৰ ২০১৯ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক পঞ্জীয়নভূক্ত কৰিবলগীয়া হৈছিল।

কিন্তু এতিয়া সকলো জানি-বুজিও এই নীতি বহিৰ্ভূত কাৰ্যত চকু মুদি আছে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়খনৰ এই সোপাঢিলা নীতি আৰু এই পাঁচখনকৈ প্ৰতিষ্ঠানৰ কাণ্ডৰ বাবেই শ শ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ উপক্ৰম হৈছে।