NORTHEAST NOW (Assamese)

পুলৱামা কাণ্ডৰ চহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক ২.৫০ লাখ টকা প্ৰদান বাবা ৰামদেৱৰ

February 28, 2019 8:47 am · এন ই নাও নিউজ
Updated: February 28, 2019 9:05 am
চহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ সময়ত বাব ৰামদেব। ফটো উৎস : ইণ্টাৰনেট

২৭ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে সন্ধিয়া বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী গাঁৱৰ বীৰ চহিদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হয় যোগগুৰু বাবা ৰামদেৱ। ৰামদেবে চহিদ বসুমতাৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইয়াৰ উপৰি চহিদ বসুমতাৰীৰ পৰিয়ালে ভৱিষ্যতে যাতে আৰ্থিক দিশৰ পৰা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বাবা ৰামদেৱে ২.৫০ লাখ টকা আৰ্থিক অনুদানো (চেক) আগবঢ়ায়।

আনহাতে সাক্ষাতৰ সময়ত বাবে ৰামদেৱে মনেশ্বৰ বসুমতাৰীৰ পুত্ৰ-কন্যাক সকলোতে সাহসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। ইফালে পাকিস্তানৰ ভিতৰত প্ৰৱেশ কৰি ভাৰতীয় বায়ু সেনাই ২৬ ফেব্ৰুৱাৰিত সন্ত্ৰাসবাদী শিবিৰত চলোৱা আক্ৰমণক ভূয়সী প্ৰশংসা কৰাৰ লগতে বায়ু সেনা আৰু ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে বাবা ৰাম দেৱে।

উল্লেখযোগ্য যে ১৪ ফেব্ৰুৱাৰিত জম্মু কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আত্মঘাটী বোমা বিস্ফোৰণত অসমৰ মনেশ্বৰ বসুমতাৰীৰ লগতে দেশৰ ৪০ গৰাকীকৈ চি আৰ পি এফ জোৱান চহিদ হৈছিল।

Related News