DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সুৰা ট্ৰেজেডিৰ ভালেমান তথ্য

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
February 28, 2019 7:15 am
golaghat-hooch

ফাইল ফটো

363
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাত হোৱা সুৰা বিষক্ৰিয়া সন্দৰ্ভত আৰক্ষীয়ে কৰি থকা তদন্তৰ শীঘ্ৰে অন্ত পৰিব আৰু ইয়াৰ লগে লগে উক্ত ভয়ংকৰ কাণ্ডৰ অন্তৰালত লুকাই থকা বৃহৎ চক্ৰটো পোহৰলৈ আহিব, এই মন্তব্য কৰিছে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে।

গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা ডেৰ শতাধিক লোকৰ চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে অব্যাহত ৰখা তদন্তৰ শীঘ্ৰে অন্ত পৰিব। তদন্তৰ অন্তত ঘটনাৰ লগত জড়িত থকা বৃহৎ চক্ৰটো পোহৰলৈ আহিব বুলি সংবাদমেলযোগে গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয়।

সংবাদ মেলত আৰক্ষী বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি যোৱা ২১ ফেব্ৰুৱাৰিৰ গধুলিৰ পৰা শালমৰা বাগিচাত আৰম্ভ হোৱা সৰ্ববৃহৎ সুৰা দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ বাবে এগৰাকী উপ আৰক্ষী বিষয়াৰ নেতৃত্বত চাৰিজনীয়া তদন্ত গোট গঠন কৰা হৈছে। এতিয়ালৈ চলা সামগ্ৰিক তদন্ত প্ৰক্ৰিয়াত সুৰাৰ বিষক্ৰিয়াৰ অন্তৰালত লুকাই থকা বহু গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়। অনুসন্ধানৰ ভিত্তিত জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে ৪০ হাজাৰ লিটাৰ সুৰা ধ্বংস কৰিছে আৰু ৩৪ জন মানুহক গ্ৰেপ্তাৰ কৰিছে। এই সংক্ৰান্তত আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, ফৰেনছিক পৰীক্ষাগাৰৰ পৰা এতিয়ালৈ কোনো ধৰণৰ প্ৰতিবেদন প্ৰকাশ হোৱা নাই যদিও আৰক্ষীয়ে চুলাইত বিষাক্ত মিথানলৰ উপস্থিতিৰ বাবেই একেলগে ইমান সংখ্যক লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।

উল্লেখযোগ্য যে, কাঠৰ আচবাবত ব্যৱহাৰ কৰা থিনাৰ ,বাৰ্নিচ আদি প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যবিধৰ ১০ মিলিমিটাৰ সেৱন কৰিলে এজন ব্যক্তিৰ মৃত্যু হ’ব পাৰে। সুৰাৰ বৃহৎ কাৰখানাত এই দ্ৰব্যবিধ উৎপাদন হয় আৰু তেলচুৰি চক্ৰৰ জৰিয়তে এই বিষাক্ত দ্ৰব্যবিধ অবৈধ সুৰা ঘাটিসমূহে সংগ্ৰহ কৰি অধিক নিচাযুক্ত সুৰা তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰি অহা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।

জিলাখনত মিথানলযুক্ত সুৰাৰ প্ৰচলন দীৰ্ঘদিন ধৰি হৈ থকাৰ লগতে তদন্তৰ অন্তত এই সকলোবোৰ তথ্য আৰু অধিক স্পষ্ট হৈ পৰিব আৰু মাৰাত্মক মিথানল ব্যৱসায়ৰ লগত জড়িত থকা বৃহৎ চক্ৰটোৰ  সকলো তথ্য ৰাজহুৱা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমাধ্যমক অৱগত কৰে।

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd