আমেৰিকাৰ আকাশপথত সৃষ্টি হ’ল অভূতপূৰ্ব বিশৃংখল পৰিস্থিতি। বিমান নিয়ন্ত্ৰণ কেন্দ্ৰৰ যোগাযোগ ব্যৱস্থাত দেখা দিয়া গুৰুতৰ বিজুতিৰ বাবে প্ৰায় চাৰি ঘণ্টাৰ বাবে দেশজুৰি বিমান চলাচল বন্ধ ৰাখিবলৈ বাধ্য হয় কৰ্তৃপক্ষ। ইয়াৰ ফলত প্ৰায় ১১ হাজাৰ উৰণ প্ৰভাৱিত হয়। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰথমবাৰৰ বাবে আমেৰিকাত এনেদৰে দেশজুৰি বিমান চলাচলত বাধা আৰোপ কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, স্থানীয় সময় অনুসৰি শুকুৰবাৰে বিয়লি ৩ বাজি ৫৪ মিনিটত আমেৰিকাৰ ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে দেশখনৰ পৰা বাহিৰলৈ যাবলগীয়া সকলো বিমানৰ উৰণ সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰে। ভাৰতীয় সময় অনুসৰি সেই সময় আছিল শনিবাৰে পুৱা ২ বাজি ২৪ মিনিট। বিমান নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ যোগাযোগ ব্যৱস্থাত দেখা দিয়া সমস্যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সময়ত বিমানবন্দৰত থকা বিমানসমূহৰ উৰণো বন্ধ কৰি দিয়া হয়। অৱশ্যে ইতিমধ্যে আকাশত উৰি থকা বিমানসমূহক নিৰাপদে নিৰ্ধাৰিত স্থানত অৱতৰণ কৰোৱা হয়।
বিমানৰ চলাচল অনুসৰণ কৰা সংস্থা ফ্লাইটএৱেৰৰ তথ্য অনুসৰি, এই সমস্যাৰ ফলত ১০ হাজাৰতকৈ অধিক বিমানৰ উৰণ পলম হয়। আনহাতে, ১ হাজাৰতকৈও অধিক উৰণ বাতিল কৰিবলগীয়া হয়। ইয়াৰ উপৰি শ শ বিমানৰ যাত্ৰাপথ সলনি কৰা হয়। ফলত হাজাৰ হাজাৰ যাত্ৰী সময়মতে নিজৰ গন্তব্য স্থানত উপস্থিত হ’ব নোৱাৰি বিমানবন্দৰতে আবদ্ধ হৈ পৰে।
প্ৰায় চাৰি ঘণ্টাৰ পাছত FAA-ই বিমান উৰণৰ ক্ষেত্ৰত জাৰি কৰা বাধা প্ৰত্যাহাৰ কৰে। ইয়াৰ পাছতে পুনৰ আৰম্ভ হয় বিমান চলাচল। অৱশ্যে সেৱা সম্পূৰ্ণৰূপে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে। বিমান নিয়ন্ত্ৰণ কেন্দ্ৰৰ যোগাযোগ ব্যৱস্থাত প্ৰকৃততে কি কাৰণত বিজুতি ঘটিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখ্য যে, ২০২৩ চনৰ ১১ জানুৱাৰীত ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ NOTAM ব্যৱস্থাত দেখা দিয়া বৃহৎ বিজুতিৰ বাবেও আমেৰিকাত বিমান চলাচল সাময়িকভাৱে বন্ধ ৰাখিবলগীয়া হৈছিল। কিন্তু দেশখনৰ পৰা বাহিৰলৈ যাবলগীয়া সকলো বিমানৰ উৰণ বন্ধ কৰাৰ ঘটনা ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ পাছত এইবাৰেই প্ৰথম। সেই হিচাপত বিগত ২৫ বছৰৰ ভিতৰত আমেৰিকাৰ আকাশপথত সৃষ্টি হোৱা এই পৰিস্থিতিক অন্যতম বৃহৎ বিশৃংখলা হিচাপে বিবেচনা কৰা হৈছে।


