• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল ১১ মহীয়া এটি কেঁচুৱাক! ২৪ ঘণ্টাৰ পিছত মাটি খান্দোতেই চকু থৰ উদ্ধাৰকাৰীৰ

আন এগৰাকী পৰিচাৰিকা অহাৰ কথা থকাত আইতাকে কেঁচুৱাটোক দেউতাকৰ তত্বাৱধানত কিছুসময় এৰি থৈ গ’ল। কিন্তু কিছুসময়ৰ পাছত ঘৰলৈ আহি পৰিচাৰিকাজনীয়ে দেখিলে যে মাইকেল আৰু কেঁচুৱাটো দুয়োজনৰে সন্ধান নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2026 10:03 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটি ১১ মহীয়া কেঁচুৱাক কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল! প্ৰায় ২৪ ঘণ্টা ধৰি মাটিৰ তলত আবদ্ধ হৈ থকাৰ পিছতো অলৌকিকভাৱে ৰক্ষা পৰে কণমানি ক’য়া শ্বাৰ্প। আমেৰিকাৰ দক্ষিণ কেৰ’লিনাৰ লেক্সিংটন কাউন্টিত সংঘটিত এই ৰোমহৰ্ষক কাণ্ডত স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ব। মঙলবাৰে অনুসন্ধানৰ সময়ত হাবিৰ ভিতৰত সদ্য খন্দা মাটিৰ তলৰ পৰা কেঁচুৱাটোৰ কান্দোন শুনি আৰক্ষী আৰু উদ্ধাৰকাৰীয়ে শিশুটিক উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে আইতাকৰ লগত আছিল কেঁচুৱাটো। সেই সময়ত শিশুটিৰ ২৫ বছৰীয়া পিতৃ মাইকেল কোমাৰ তাত উপস্থিত হৈছিল। আন এগৰাকী পৰিচাৰিকা অহাৰ কথা থকাত আইতাকে কেঁচুৱাটোক দেউতাকৰ তত্বাৱধানত কিছুসময় এৰি থৈ গ’ল। কিন্তু কিছুসময়ৰ পাছত ঘৰলৈ আহি পৰিচাৰিকাজনীয়ে দেখিলে যে মাইকেল আৰু কেঁচুৱাটো দুয়োজনৰে সন্ধান নাই। দুপৰীয়ালৈকে এই খবৰটো আৰক্ষীৰ ওচৰ পোৱাৰ লগে লগে পিতৃ-পুত্ৰৰ সন্ধানত ব্যাপক অনুসন্ধান আৰম্ভ হ’ল।

তদন্তৰ সময়ত আৰক্ষীয়ে মাইকেলৰ পিতৃৰ ঘৰলৈ গৈ দুৱাৰখন খোলা আৰু ঘৰৰ ভিতৰত শিশুটিৰ সামগ্ৰী সিঁচৰতি হৈ থকা দেখা পায় যদিও  তেওঁলোকৰ কোনো সন্ধান নাপালে। অঞ্চলটোৰ চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰাৰ পিছত আৰক্ষীয়ে গম পায় যে মাইকেলক কেইবাটাও স্থানত দেখা গৈছে যদিও শিশুটি তেওঁৰ লগত নাছিল। ইয়াৰ ফলত আৰক্ষীৰ উদ্বেগ বৃদ্ধি পালে। অৱশেষত বেটছবাৰ্গ অঞ্চলৰ এটা ঘৰৰ বাহিৰৰ পৰা মাইকেলক অনুপ্ৰৱেশ আৰু আৰক্ষীৰ কামত বাধা দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যদিও তেতিয়াও শিশুটিক তেওঁৰ লগত পোৱা নগ’ল।

Apply Now

তাৰ পাছত মঙলবাৰে প্ৰায় ১০০ আৰক্ষীকৰ্মীয়ে শিশুটিৰ সন্ধান অব্যাহত ৰাখিলে। তালাচীৰ সময়ত এটা দলে মাইকেলৰ পিতৃৰ ঘৰৰ পৰা প্ৰায় ৫০ গজ দূৰৈৰ হাবিত থকা পাইন গছৰ তলত সদ্য খন্দা মাটিৰ থূপ এটা দেখা পায়। সন্দেহ হোৱাৰ লগে লগে তেওঁলোকে তাত মাটি খান্দিবলৈ ধৰিলে আৰু ভিতৰৰ পৰা কেঁচুৱা এটাৰ কান্দোনৰ শব্দ শুনিলে।

লেক্সিংটন কাউন্টিৰ শ্বেৰিফ জে কুনে সাংবাদিকৰ আগত কয়, “আমি কান্দোনৰ শব্দ শুনাৰ লগে লগে সকলোৱে মাটি খান্দি কেঁচুৱাটোক উলিয়াই আনিবলৈ লৰালৰি কৰিলে। কেঁচুৱা এটাৰ কান্দোনৰ শব্দ যে ইমান আনন্দদায়ক হ’ব পাৰে শব্দৰে ইয়াক প্ৰকাশ কৰিব নোৱাৰি।”

উদ্ধাৰকাৰীয়ে মাটিৰ তলৰ পৰা কুকুৰ ৰখা তাঁৰৰ সঁজা এটা উলিয়াই আনে, যাৰ ভিতৰত টাৱেলত মেৰিয়াই থোৱা ১১ মহীয়া ক’য়া আছিল। ততাতৈয়াকৈ তাক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীৰ অনুমান অনুসৰি প্ৰায় ২৪ ঘণ্টা ধৰি মাটিৰ তলত সেই অৱস্থাত আছিল শিশুটি। পিঞ্জৰাটোৰ চাৰিওফালে মেৰিয়াই থোৱা টাৱেলখনে এটা সৰু এয়াৰ পকেটৰ সৃষ্টি কৰিলে আৰু তাৰ বাবেই কোয়া মৃত্যুৰ মুখৰ পৰা উভতি আহিল। প্ৰশাসনে অভিযুক্ত পিতৃৰ বিৰুদ্ধে হত্যাৰ চেষ্টাকে ধৰি একাধিক কঠোৰ ধাৰাত গোচৰ ৰুজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল ১১ মহীয়া এটি কেঁচুৱাক! ২৪ ঘণ্টাৰ পিছত মাটি খান্দোতেই চকু থৰ উদ্ধাৰকাৰীৰ

কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল ১১ মহীয়া এটি কেঁচুৱাক! ২৪ ঘণ্টাৰ পিছত মাটি খান্দোতেই চকু থৰ উদ্ধাৰকাৰীৰ

November 14, 2026 10:03 am
পুনৰ ৰক্তাক্ত মণিপুৰ! সশস্ত্ৰ দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণত দুই মহিলাসহ নিহত ৪ নাগা ব্যক্তি

পুনৰ ৰক্তাক্ত মণিপুৰ! সশস্ত্ৰ দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণত দুই মহিলাসহ নিহত ৪ নাগা ব্যক্তি

November 14, 2026 9:57 am
মধুচক্ৰৰ জাল! নগ্ন ফটোৰ বিনিময়ত ভাৰতৰ গোপন সামৰিক তথ্য ফাদিল উইং কমাণ্ডাৰৰ

মধুচক্ৰৰ জাল! নগ্ন ফটোৰ বিনিময়ত ভাৰতৰ গোপন সামৰিক তথ্য ফাদিল উইং কমাণ্ডাৰৰ

November 14, 2026 8:22 am
ভালপোৱাৰ নামত অত্যাচাৰ! অধিকাৰ দেখুওৱাৰ আঁৰত লুকাই থাকে বিপদ? সংগীৰ এইকেইটা আচৰণ দেখিলেই হওক সাৱধান

ভালপোৱাৰ নামত অত্যাচাৰ! অধিকাৰ দেখুওৱাৰ আঁৰত লুকাই থাকে বিপদ? সংগীৰ এইকেইটা আচৰণ দেখিলেই হওক সাৱধান

November 14, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল ১১ মহীয়া এটি কেঁচুৱাক! ২৪ ঘণ্টাৰ পিছত মাটি খান্দোতেই চকু থৰ উদ্ধাৰকাৰীৰ

কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল ১১ মহীয়া এটি কেঁচুৱাক! ২৪ ঘণ্টাৰ পিছত মাটি খান্দোতেই চকু থৰ উদ্ধাৰকাৰীৰ

November 14, 2026 10:03 am
পুনৰ ৰক্তাক্ত মণিপুৰ! সশস্ত্ৰ দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণত দুই মহিলাসহ নিহত ৪ নাগা ব্যক্তি

পুনৰ ৰক্তাক্ত মণিপুৰ! সশস্ত্ৰ দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণত দুই মহিলাসহ নিহত ৪ নাগা ব্যক্তি

November 14, 2026 9:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd