পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যখনৰ উখৰুল জিলাত সশস্ত্ৰ দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণত দুই মহিলাসহ নাগা সম্প্ৰদায়ৰ চাৰিজন লোক নিহত হৈছে। শুকুৰবাৰে সংঘটিত এই ভয়ংকৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি, নিহত লোককেইজনে দুখন পৃথক বাহনেৰে ইম্ফল অভিমুখে গৈ থকা অৱস্থাত ২০২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিউ হেভেন গাঁৱৰ সমীপত তেওঁলোকৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰে এদল সশস্ত্ৰ দুৰ্বৃত্তই।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহতসকল হৈছে শাংশাক গাঁৱৰ কাপাংখুই আৰ এছ আৰু হাওলেইলা আৰ এছ তথা তাশাৰ গাঁৱৰ অগাষ্ট নালুং আৰু খানমিলা কেইশ্বিং। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই এই আক্ৰমণ সংঘটিত কৰিছে। আক্ৰমণকাৰীসকল কুকি উগ্ৰপন্থী হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো কুকি সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
ঘটনাৰ পিছতে নিৰাপত্তা বাহিনীয়ে নিৰ্দিষ্ট আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি চাৰিওজনৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে, আক্ৰমণকাৰীৰ সন্ধানত অঞ্চলটোৰ বিভিন্ন স্থানত ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হৈছে।
উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহৰ পৰা সংখ্যাগৰিষ্ঠ মেইতেই আৰু জনজাতীয় কুকি সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা জাতিগত সংঘাতৰ পিছৰে পৰা মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই। দীৰ্ঘদিনীয়া এই সংঘাতত ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে হাজাৰ হাজাৰ পৰিয়ালে ঘৰ-বাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া হৈছে। জাতিগত বিভাজনে ৰাজ্যখনৰ সামাজিক আৰু নিৰাপত্তাজনিত পৰিস্থিতিকো গভীৰভাৱে প্ৰভাৱিত কৰিছে।
চৰকাৰী তথ্য অনুসৰি, এই সংঘাতত এতিয়ালৈকে প্ৰায় ৩৭০জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৬৬ হাজাৰ লোক গৃহহীন হৈছে। শেহতীয়াকৈ নাগা আৰু কুকি সম্প্ৰদায়ৰ লোকৰ মাজতো সংঘাতৰ ঘটনা বৃদ্ধি পোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। গাঁও আক্ৰমণ, ঘৰ-দুৱাৰ ভাঙি পেলোৱা, অতৰ্কিত গুলীচালনা আৰু মৃতদেহ বিকৃত কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে দুয়োপক্ষৰ বিৰুদ্ধে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰেও ৰাজ্যখনত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। আৰক্ষীৰ মতে, সেনাপতি জিলাৰ এখন ধাননি পথাৰত কাম কৰি থকা কৃষকসকলক লক্ষ্য কৰি অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই গুলীচালনা কৰাত ৪০ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। এই ঘটনাত আন দুজন লোক গুৰুতৰভাৱে আহত হয়।
আনহাতে, উখৰুল জিলাতে সংঘটিত আন এক পৃথক গুলীচালনাৰ ঘটনাত ৫২ বছৰীয়া এগৰাকী নাগা সম্প্ৰদায়ৰ লোক আহত হৈছিল। এটাৰ পিছত আন এটা ৰক্তক্ষয়ী ঘটনাই মণিপুৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ পুনৰ গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। দীঘলীয়া সংঘাতৰ পিছতো ৰাজ্যখনত সাধাৰণ লোকৰ জীৱন আৰু নিৰাপত্তা নিশ্চিত কৰাত কিয় ব্যৰ্থ হৈছে প্ৰশাসন? এই প্ৰশ্নই এতিয়া পুনৰ চৰ্চা লাভ কৰিছে।





