সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জনৰ হাবিয়াসে এইবাৰ প্ৰাণ কাঢ়িলে এগৰাকী যুৱকৰ। পাকিস্তানত এটা প্ৰকাণ্ড বাঘৰ সৈতে টিকটক ভিডিঅ’ নিৰ্মাণৰ পৰিকল্পনাৰ মাজতে বাঘৰ আক্ৰমণত মৃত্যু হ’ল ১৯ বছৰীয়া এজন যুৱকৰ। জানিব পৰা মতে, ভিডিঅ’ নিৰ্মাণৰ বাবে বাঘটোক পিঞ্জৰাৰ পৰা উলিয়াই অনাৰ পাছতে হঠাৎ খঙাল হৈ পৰে বন্যপ্ৰাণীটো। যুৱকজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে বাঘটোৱে। সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় তেওঁৰ। এই ঘটনাৰ পাছতে মূল অভিযুক্ত কনটেণ্ট নিৰ্মাতাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
লাহোৰৰ কাহনা অঞ্চলৰ এখন ফাৰ্মহাউছৰ ব্যক্তিগত চিৰিয়াখানাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি, এই ঘটনাৰ মূল অভিযুক্ত কনটেণ্ট নিৰ্মাতা নৌমান হাছান। ফাৰ্মহাউছখনৰ অন্যতম স্বত্বাধিকাৰীও হাছান। অভিযোগ অনুসৰি, তেওঁৰ নিৰ্দেশতে প্ৰজনন কেন্দ্ৰৰ পিঞ্জৰাৰ পৰা ডিঙিত শিকলি বান্ধি ৰখা প্ৰকাণ্ড বাঘটোক বাহিৰলৈ উলিয়াই অনা হৈছিল। মালিকৰ নিৰ্দেশ মানি এই কাম কৰিছিল ফাৰ্মহাউছখনৰ কৰ্মচাৰী ১৯ বছৰীয়া তালহাই।
কিন্তু কিছু সময়ৰ পাছতে হঠাৎ আক্ৰমণাত্মক হৈ পৰে বাঘটোৱে। তালহাক আঁচুৰি আৰু কামুৰি গুৰুতৰভাৱে আহত কৰে বন্যপ্ৰাণীটোৱে। বাঘটোৱে আক্ৰমণ বন্ধ কৰাৰ সময়লৈকে যুৱকজনৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে যুৱকজনৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।
লাহোৰ আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ পাছতে প্ৰথমে তালহাক কুকুৰে কামোৰা বুলি দাবী কৰিছিল কনটেণ্ট নিৰ্মাতা হাছানে। কিন্তু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পাছতে প্ৰকৃত ঘটনা পোহৰলৈ আহে। এগৰাকী আৰক্ষী বিষয়াই কয় যে টিকটকৰ প্ৰতি আসক্তি কোনো কাৰণতে মানুহৰ জীৱনতকৈ অধিক গুৰুত্বপূৰ্ণ হ’ব নোৱাৰে। চখ বা মনোৰঞ্জনৰ নামত আন এজন ব্যক্তিৰ জীৱন বিপদত পেলোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ঘটনাটো গাপ দিয়াৰ চেষ্টা আৰু কৰ্তব্যত অৱহেলাকে ধৰি সকলো দিশ তদন্তৰ আওতালৈ অনা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। ফাৰ্মহাউছখনত বাঘ পুহিবলৈ চৰকাৰী অনুমতি আছিল নে নাই, সেই বিষয়টোও পৰীক্ষা কৰি আছে আৰক্ষীয়ে।
উল্লেখ্য যে বাঘৰ সৈতে বিপজ্জনক ভিডিঅ’ নিৰ্মাণ কৰি সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল নৌমান হাছানে। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰকাশ কৰা এটা ভিডিঅ’ত শিকলিৰে বান্ধি ৰখা বাঘ এটাক চুমা খাবলৈ চেষ্টা কৰা দেখা গৈছিল তেওঁক। আন এটা ভিডিঅ’ত চিতাবাঘ এটাক আদৰিবলৈ চেষ্টা কৰাৰ সময়তে বন্যপ্ৰাণীটোৱে তেওঁৰ ওপৰত জঁপিয়াই পৰি আঁচুৰি দিয়া দৃশ্যও দেখা গৈছিল। এইবাৰ তেওঁৰ এনে বিপজ্জনক ভিডিঅ’ নিৰ্মাণৰ হাবিয়াসৰ পৰিণতিত প্ৰাণ হেৰুৱাবলগীয়া হ’ল নিৰীহ যুৱক তালহাই।





