এক অনন্য অভিলেখ গঢ়িলে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে, অতিক্ৰমিলে আমলা-কোহলীক

পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজম এক অনন্য অভিলেখৰ গৰাকী হৈছে।

শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ স’তে খেলা এখন এদিনীয়া মেচত তাৰকা বেটছমেনজনে ১০৩ ৰাণৰ এক অনবদ্য ইনিংছ খেলে।

তেওঁৰ এই শতকটোৰে দক্ষিণ আফ্ৰিকাই বান্ধি ২৭৪ ৰাণ বিজয়লক্ষ্য পাকিস্তানে তিনি উইকেটত ৰোমাঞ্চকৰভাৱে জয়লাভ কৰে।

মেচখনত বিজয়ী হোৱাৰ উপৰিও বাবৰ আজমৰ এই শতকটোৰে তেওঁ ১৩টাকৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শতক অৰ্জন কৰিলে।

এইক্ষেত্ৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত দ্ৰুতগতিত ১৩টাকৈ শতক অৰ্জন কৰাৰ অভিলেখৰ গৰাকী হয়।

তেওঁ ১৩টাকৈ শতক অৰ্জন কৰিছে কেৰিয়াৰৰ ৭৮খন মেচৰ ৭৬টা ইনিংছত।

উল্লেখযোগ্য যে বাবৰ আজমক বৰ্তমান ক্ৰিকেট বিশ্বৰ এজন অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয়।

এই অভিলেখৰ ক্ষেত্ৰত তেওঁ দক্ষিণ আফ্ৰিকাৰ তাৰকা হাছিম আমলা আৰু ভাৰতৰ অধিনায়ক বিৰাট কোহলীক অতিক্ৰম কৰে।

আমলাই ৮৩টা ইনিংছত ১৩টা শতক অৰ্জন কৰাৰ বিপৰীতে কোহলীয়ে কৰিছিল ৮৬টা ইনিংছত।

উল্লেখযোগ্য যে মহিলা ক্ৰিকেটতো ইতিমধ্যে অষ্ট্ৰেলিয়াৰ অধিনায়িকা মেগ লেন্নিঙে ৭৬টা ইনিংছত ১৩টাকৈ শতক অৰ্জন কৰি মহিলা ক্ৰিকেটত অভিলেখ সৃষ্টি কৰিছে।