বাবৰি মছজিদ ধ্বংসৰ গোচৰ: ৩০ ছেপ্তেম্বৰত ভাগ্য নিৰ্ণয় হ’ব আদৱানী,যোশীকে ধৰি বহুজনৰ

Babri-Masjid--750x375

দশকৰ পিচত দশক ধৰি চলি থকা বাবৰি মছজিদ গোচৰৰ চুড়ান্ত ৰায়দান কৰা হ’ব ৩০ ছেপ্তেম্বৰৰ দিনা।

সেইদিনা লালকৃষ্ণ আদৱানীকে ধৰি গোচৰটোত অভিযুক্ত ৩২ জন লোকে সোঁশৰীৰে চিবিআইৰ আদালতত হাজিৰ হ’ব লাগিব।

চিবিআইৰ ন্যায়াধীশ এছ কে যাদৱৰ আদালতে গোচৰটো সন্দৰ্ভত ৰায়দান কৰিব।

উল্লেখ্য কিছুদিন আগতে ১৯৯২ চনৰ বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায় ৩০ ছেপ্তেম্বৰৰ ভিতৰত দিবলৈ চিবিআইৰ বিশেষ আদালতক কাঢ়া নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে ৩১ আগষ্টৰ ভিতৰত উক্ত গোচৰৰ ৰায় দিবলৈ চিবিআইৰ বিশেষ আদালতক নিৰ্দেশ দিছিল যদিও চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ যাদৱে আৰু এমাহৰ অতিৰিক্ত সময় বিচৰাত আদালতে ৩০ ছেপ্তেম্বৰৰ ভিতৰত গোচৰটোৰ ৰায়দান কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ দিনা সংঘটিত বাবৰি মছজিদ ধ্বংস সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী,উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং,উমা ভাৰতী,মুৰলী মনোহৰ যোশী বিনয় কাটিয়াৰ আদি ব্যক্তি সকলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

২০১৭ চনত উচ্চতম ন্যায়ালয়ে দুবছৰৰ ভিতৰত বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ শুনানি লোৱা পৰ্ব সমাপ্ত কৰিবলৈ চিবিআইৰ বিশেষ আদালতক নিৰ্দেশ দিছিল যদিও গোচৰটোৰ শুনানিৰ ক্ষেত্ৰত পলম হোৱা দেখা যায়।

বাবৰি মছজিদ ধ্বংসৰ পিছত দুখন এজাহাৰ ক্ৰমে এজাহাৰ নং ১৯৭/৯২ আৰু ১৯৮/৯২ দাখিল কৰা হৈছিল।

ইয়াৰে প্ৰথম খন এজাহাৰ আছিল কৰ সেৱক সকলৰ বিৰুদ্ধে আৰু দ্বিতীয় খন এজাহাৰত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী,উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং,উমা ভাৰতী,মুৰলী মনোহৰ যোশী বিনয় কাটিয়াৰ আদি ব্যক্তি সকলৰ নাম উল্লেখ কৰা হৈছিল।