• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কন্যা হৈ জন্ম হোৱাই হ’ল কাল! জন্মৰ ৬ দিনৰ পিছত মাতৃৰ হাততে প্ৰাণ হেৰুৱালে নৱজাতকে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 6:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও যেন অৱসান ঘটা নাই পুৰুষতন্ত্ৰৰ। পৃথিৱীখন বহু দূৰ আগুৱাই গ’ল , তথাপিও যেন ভাৰতৰ দৰে দেশত শেষ হোৱা নাই লিংগ বৈষম্য। এইবাৰ পোহৰলৈ আহিছে সমগ্ৰ মাতৃ সমাজক লজ্জানত কৰা এক ঘটনা। জন্মৰ ৬ দিনৰ পিছত নিজ মাতৃয়ে হত্যা কৰিলে কৰিলে গৰ্ভজাত সন্তানক।

দিল্লীৰ খায়ালা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি মাতৃগৰাকীয়ে নিজৰ হাতেৰে ৬ দিনীয়া কন্যা সন্তানক হত্যা কৰে।

জানিব পৰা মতে, কন্যা সন্তান হোৱাৰ বাবে শিশুটিক হত্যা কৰে মাতৃয়ে। ইয়াৰ পূৰ্বেও তিনিটা কন্যা সন্তান জন্ম দিছিল মাতৃগৰাকীয়ে। চতুৰ্থবাৰৰ বাবে পুনৰ কন্যা সন্তানে জন্ম লাভ কৰাৰ হেতুকে সন্তানটিৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লয় মাতৃয়ে।

নিজ সন্তানক হত্যা কৰা মাতৃগৰাকীৰ নাম শিৱানী। নিজ সন্তানক হত্যা কৰি অপহৰণৰ নাটক ৰচনা কৰিলে মাতৃ শিৱানীয়ে।

আৰক্ষী সূত্ৰ অনুসৰি, পুৱা প্ৰায় ৫:৩০ বজাত দিল্লীৰ খায়ালা থানালৈ এটা ফোন আহে। ফোনত আৰক্ষীক জনোৱা হয় যে এটি ৬ দিনীয়া কন্যা শিশু নিৰুদ্দেশ হৈছে। যিহেতু বিষয়টো স্পৰ্শকাতৰ, সেয়েহে আৰক্ষী বিষয়া-কৰ্মচাৰীসকলে লগে লগে সেই স্থানত উপস্থিত হয়।

আৰক্ষীয়ে সন্তানটিৰ মাতৃকো এই সন্দৰ্ভত সোধা-পোছা কৰে। মাতৃ শিৱানীয়ে আৰক্ষীক কয় যে আগ নিশা তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছিল, তাৰ পিছত তেওঁ পিতৃ-মাতৃৰ ঘৰলৈ আহিছিল। ৰাতিপুৱা ১.৩০ বজাত তেওঁ শিশুটিক গাখীৰ খুৱাই শুই যায়। কিন্তু ৰাতিপুৱা ৪:৩০ মান বজাত সাৰ পাই দেখে যে শিশুটি কাষত নাই।

সমগ্ৰ ঘটনা শুনাৰ পিছতে আৰক্ষীয়ে এটা দল গঠন কৰি চিচিটিভি আৰু ওচৰৰ সকলো ঘৰ-দুৱাৰ আৰু অঞ্চল পৰীক্ষা কৰে। আৰক্ষীৰ তালাচীৰ সময়ত শিৱানীয়ে কয় যে চিলাই কাটিবলৈ তেওঁ চিকিৎসালয়লৈ যাব লাগে। এই বক্তব্য আৰক্ষীয়ে অদ্ভুত বুলি বিবেচনা কৰিছিল যদিও তেওঁৰ চিকিৎসাৰ অৱস্থা বিবেচনা কৰি আৰক্ষীয়ে তেওঁক হাস্পাতাললৈ যাবলৈ দিয়ে।

ইপিনে তালাচীৰ সময়ত কাষৰ ঘৰৰ ছাদত এটা বেগ উদ্ধাৰ হয়। বেগটো খুলি আৰক্ষী স্তম্ভিত হৈ পৰে। বেগটোৰ ভিতৰত আছিল ৬ দিনীয়া এটা কেঁচুৱা। লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

পুনৰ আৰক্ষীয়ে সোধ-পোচ কৰে মাতৃ শিৱানীক। জেৰাৰ অন্তত অৱশেষত শিৱানীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে। প্ৰাৰম্ভিক জেৰাত শিৱানীয়ে সকলো গোপন কথা উদঙাই দিয়ে।

শিৱানীয়ে আৰক্ষীৰ আগত কয় যে ইতিমধ্যে তেওঁ তিনিটা কন্যা সন্তান জন্ম দিছে। যাৰ বাবে তেওঁ পৰিয়াল আৰু সমাজৰ ককৰ্থনাৰ সন্মুখীন হৈ আহিছে। শিশুটিক স্তনপান কৰাই থাকোতে এই চিন্তাবোৰ মনলৈ আহি আছিল শিৱানীৰ। পুনৰ ককৰ্থিত হোৱাৰ সম্ভাৱনা দেখি শিৱানীয়ে ইমান ভয় খাইছিল যে ডিঙি চেপি শিশুটিক হত্যা কৰে। হত্যা কৰি এটা বেগত ভৰাই পেলাই দিয়ে। তাৰপিছত শিশুটিৰ নিৰুদ্দেশৰ কাহিনী ৰচনা কৰে।

ইতিমধ্যে আৰক্ষীয়ে শিৱানীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে। লগতে এই ঘটনাৰ বাবে সচেতন সমাজে শিৱানীৰ লগতে সমগ্ৰ পুৰুষতান্ত্ৰিক সমাজক এই ঘটনাৰ বাবে জগৰীয়া কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd