চিকিৎসকে মৃত বুলি ঘোষণা কৰা এটি নৱজাত শিশুক সৎকাৰ কৰিবলৈ লোৱাৰ কেইমুহূৰ্তমান পূৰ্বে জীৱিত অৱস্থাত দেখা গ’ল। কাছাৰ জিলাৰ শিলচৰ চহৰত সংঘটিত হৈছে এই অবিশ্বাস্য ঘটনা।
নৱজাত শিশুটিৰ পিতৃ ৰতন দাসে জনোৱা মতে, শিলচৰ চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে তেওঁৰ পত্নীয়ে মৃত সন্তান জন্ম দিয়া বুলি কৈ শিশুটি মৃত বুলি ঘোষণা কৰে।
দাসে কয়, “বুধবাৰে পুৱা আমাক মৃত্যুৰ প্ৰমাণ পত্ৰৰ সৈতে এটা পাৰ্চেলত মৃতদেহটো দিয়া হৈছিল“।
লগতে পঢ়কঃ ছিকিমৰ বিধ্বংসী বানত ১৪ জনৰ মৃত্যু, ১০২ জন সন্ধানহীন; আবদ্ধ হৈ পৰিছে ৩ হাজাৰ পৰ্যটক
তেওঁ কয় যে শিলচৰ শ্মশানত সৎকাৰৰ বাবে পাৰ্চেলটো খোলাত “আমি দেখিলোঁ যে কেঁচুৱাটোৱে কান্দি আছে”।
লগে লগে কেঁচুৱাটোক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইপিনে, নৱজাত কেঁচুৱাটোক মৃত বুলি ঘোষণা কৰা ব্যক্তিগত চিকিৎসালয়খনৰ লগতে এজন চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৰ সদস্যসকলে।
চিকিৎসালয় কৰ্তৃপক্ষৰ মতে, কেঁচুৱাটোক ৮ ঘণ্টা ধৰি পৰ্যবেক্ষণৰ অধীনত ৰখাৰ পিছত মৃত বুলি ঘোষণা কৰা হয়।
লগতে পঢ়কঃ পিতৃ-মাতৃৰ হাততে সন্তানৰ ভৱিষ্যত: মনত ৰাখক চাণক্যৰ এই তিনি বচন
চিকিৎসালয়ৰ এজন কৰ্মচাৰীয়ে সাংবাদিকৰ আগত এইদৰে কয়, “আমি বাৰে বাৰে কেঁচুৱাটো পৰ্যবেক্ষণ কৰিলোঁ, কিন্তু ই কোনো সঁহাৰি নিদিয়াকৈয়ে থাকিল। আমি পদ্ধতি অনুসৰি ইয়াক মৃত বুলি ঘোষণা কৰি পৰিয়ালক দিলোঁ।’