নিকৃষ্ট মানসিকতা ! ভগ্নীক চুমা খোৱাকলৈ ৰাহুলক অসংস্কৃত আখ্যা গেৰুৱা বাহিনীৰ

দীনেশ প্ৰতাপ সিঙে কয় যে – “পঞ্চাছ বছৰ বয়সত ভাতৃয়ে ভগ্নীক চুমা খোৱাটো ভাৰতীয় সংস্কৃতিৰ অংশ নহয়। এনে আচৰণ কৰিবলৈ আমাৰ সনাতন সংস্কৃতিয়ে অনুমতি প্ৰদান নকৰে।”

Created with GIMP

ৰাহুল গান্ধীৰ নেতৃত্বত দেশ কঁপাই চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। এই যাত্ৰাত দেশৰ জনসাধাৰণৰ পৰা যথেষ্ট সমৰ্থন বুটলিবলৈ সক্ষম হোৱাৰ বিপৰীতে গেৰুৱা বাহিনীৰ ষড়যন্ত্ৰ আৰু আক্ৰমণৰো সন্মুখীন হৈ আহিছে কংগ্ৰেছৰ যুৱ নেতাজন।

এই ভাৰত জোড়ো যাত্ৰাৰ মাজতে আজি কিছুদিন আগতে কেমেৰাত আৱদ্ধ হৈছিল এক মনোমোহা দৃশ্য। মৰমেৰে এজন ভাতৃয়ে ভগ্নীৰ গালত আৰু কঁপালত চুমা আঁকি দিয়া এক সজীৱ দৃশ্য। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজতকৈ দুবছৰ কনিষ্ঠ ভগ্নী প্ৰিয়ংকা গান্ধীক এখন ৰাজহুৱা সভাৰ মাজতে যাচিছিল মৰমৰ চুমা।

এতিয়া ভাতৃয়ে ভগ্নীক প্ৰদান কৰা সেই চুমাক লৈয়ে ব্যস্ত হৈ পৰিছে দেশৰ গেৰুৱা বাহিনী। সেই চুমাক লৈ এচামে আসুৰিক আৰু ৰক্ষণশীল মন্তব্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। ৰাহুলে প্ৰিয়ংকাক খোৱা চুমাটোক লৈ একাংশ বিজেপি আৰু আৰ এছ এছ নেতাই চূড়ান্ত পুৰুষতান্ত্ৰিক আৰু সামন্তবাদী মনোভাবেৰে না না কটু কথা ব্যক্ত কৰিছে।

ভাৰত জোড়ো যাত্ৰাৰ অংশ স্বৰূপে যোৱা মঙলবাৰে উত্তৰ প্ৰদেশৰ কুৰুক্ষেত্ৰলৈ গৈছিল ৰাহুল গান্ধী। ইয়াৰ পিছতেই উত্তৰ প্ৰদেশৰ মন্ত্ৰী তথা বিজেপি নেতা দীনেশ প্ৰতাপ সিঙে আক্ৰমণ কৰে ৰাহুল গান্ধীক। দীনেশ প্ৰতাপ সিঙে কয় যে – “পঞ্চাছ বছৰ বয়সত ভাতৃয়ে ভগ্নীক চুমা খোৱাটো ভাৰতীয় সংস্কৃতিৰ অংশ নহয়। এনে আচৰণ কৰিবলৈ আমাৰ সনাতন সংস্কৃতিয়ে অনুমতি প্ৰদান নকৰে।”

ইয়াৰ উপৰিও ৰাহুলে ভগ্নী প্ৰিয়ংকাক চুমা খোৱাক লৈ দীনেশ প্ৰতাপ সিঙে কয় যে “ৰাহুল যদি পাণ্ডৱ, তেন্তে পাণ্ডৱে ভগ্নীক চুমা খায় নেকি?”

ইফালে ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ‘একবিংশ শতিকাৰ গৌৰৱ’বুলি ঠাট্টা কৰে।

ইয়াৰ প্ৰত্যাক্ৰমণত যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ প্ৰতাপ সিঙৰ মন্তব্য,“ ৰাহুল গান্ধীয়ে আৰ এছ এছক কৌৰৱৰ সৈতে ৰিজাবলৈ চেষ্টা কৰিছে। অৰ্থাৎ নিজকে পাণ্ডৱৰ সৈতে তুলনা কৰিব খুজিছে। তেনেহ’লে ৫০ বছৰ বয়সত কোন পাণ্ডৱে ৰাজহুৱাভাৱে ভনীয়েকক চুমা খাব?”

এইদৰে ৰাহুলৰ ভগ্নী স্নেহক সভ্যতা-সংস্কৃতিৰ নিমিলা অংকৰ কথা কৈ অন্য দিশেৰে নিব খুজিলে বিজেপিৰ মন্ত্ৰীগৰাকীয়ে।