NORTHEAST NOW (Assamese)

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

July 19, 2025 10:24 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

উচ্ছেদিত লোকৰ কাষত থিয় দিয়া আৰু ন্যায়ৰ বাবে মাত মতাৰ বাবে অখিল গগৈক প্ৰশংসা বিধায়ক শ্বেৰমান আলি আহমেদৰ।

অখিল গগৈৰ সৈনিক হিচাপে কাম কৰিবলৈ প্ৰস্তুত বুলি ঘোষণা বিধায়ক শ্বেৰমান আলি আহমেদৰ।

কংগ্ৰেছ আৰু AIUDF দলৰ বিকল্প হিচাপে সংখ্যালঘু ৰাইজক অখিল গগৈ আৰু ৰাইজৰ দলক সমৰ্থন কৰাৰ আহ্বান জনায় বিধায়ক বিধায়ক শ্বেৰমান আলি আহমেদ।

কংগ্ৰেছ দলে অখিল গগৈৰ সৈতে কিয় মিত্ৰতা কৰিবলৈ থেৰোগেৰো কৰি আছে সেই কথাও কলে বাঘবৰৰ বিধায়ক গৰাকীয়ে।

সংখ্যালঘু অঞ্চলত ভেটি উছন হোৱাৰ ভয়তে কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ থেৰোগেৰো কৰি আছে বুলিও বিস্ফোৰক মন্তব্য আগবঢ়াইছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদে। উল্লেখযোগ্য যে অমানৱীয় উচ্ছেদ আৰু ভবিষ্যতে অসমৰ মুছলমানৰ ৰাজনৈতিক অৱস্থান সন্দৰ্ভত ফেচবুক লাইভৰ জৰিয়তে আলোচনা কৰোঁতে বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদে এই মন্তব্য কৰে।

Related News