অইল ইণ্ডিয়াৰ বাঘজানৰ অবিৰত গেছ নিৰ্গত হৈ থকা তৈল খাদত এতিয়া সংঘটিত হৈছে অগ্নিকাণ্ড।
অইল ইণ্ডিয়াৰ বাঘজান তৈল খাদত যোৱা ২৭ মে’ৰ পৰা অবিৰতভাৱে নিৰ্গত হোৱা গেছে সমগ্ৰ অঞ্চলৰ জীৱকুলৰ প্ৰতি ভাবুকি অনাৰ পিছত এইবাৰ বিধ্বংসী অগ্নিয়ে সমগ্ৰ অঞ্চলটোক ছানি ধৰাৰ পৰিলক্ষিত হৈছে।
এক সূত্ৰৰ মতে আজি মঙলবাৰে বিদেশী বিশেষজ্ঞৰ দলে বঘাজান তৈল খাদৰ অবিৰতভাৱে নিৰ্গত গেছ বন্ধ কৰাৰ বাবে প্ৰচেষ্টা চলাই থাকোতেই হঠাতে জুই লাগে খাদটোত।
‘প্ৰায় ১.১৫ মিনিটত আমি বাঘজান অঞ্চলত বিকট শব্দ শুনিবলৈ পালো। ইয়াৰ পিছতে আমি বাঘজান তৈল খাদৰ ওপৰত কোলা ধোঁৱাই ছানি ধৰা দেখিবলৈ পাওঁ।’ স্থানীয় লোকে কয়।
আনফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অগ্নিকাণ্ডৰ সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক টেলিফোনিক যোগাযোগ কৰিছে।
ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ অৱগত কৰি অগ্নি নিৰ্বাপনৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে।
অঞ্চলটোৰ স্থানীয় ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।
ঘটনাস্থলীৰ কাষৰীয়া এলেকাৰ জনসাধাৰণৰ কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ৰাইজক শংকিত নহ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান।
আনহাতে ইতিমধ্যে তৈল খাদৰ সমীপৰ গাঁৱলৈ জুই সম্প্ৰসাৰিত হৈ ছানি ধৰাৰ ফলত আৱাসগৃহ ভস্মীভূত হোৱাৰ বাতৰি আহিছে।
উল্লেখ্য যে, গেছ নিৰ্গমন বন্ধ কৰিবলৈ ছিঙ্গাপুৰ মেৰ্চাছ এলাৰ্ট ডিজাষ্টাৰ কন্ট্ৰল প্ৰতিষ্ঠানটোৰ পৰা কালি আহি দুলিয়াজান উপস্থিত হৈছিল মাইকেল আৰ্ণেষ্ট, ক্ৰেইগ নীল আৰু এডৱাৰ্ড হেৰিজ নামৰ তিনিজনীয়া এটা বিশেষজ্ঞৰ দল।