জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

Gyanvapi Mosque

দেশব্যাপী চৰ্চাত থকা বাৰানসীৰ জ্ঞানৱাপী মছজিদ বিতৰ্কৰ মাজতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক ৰতন লালক আজি দিল্লীৰ এখন আদালতে জামিন প্ৰদান কৰে।

অধ্যাপক লালৰ জামিন আবেদন মঞ্জুৰ কৰি ন্যায়ালয়ে কয়, “এজন ব্যক্তিয়ে অনুভৱ কৰা আঘাতৰ অনুভূতিয়ে গোটেই গোট বা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিব নোৱাৰে।” ন্যায়ালয়ে অৱশ্যে লালক এনে কোনো বিতৰ্কিত বিষয় পোষ্ট কৰাৰ পৰা কঠোৰভাৱে বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে।

“এইটো সঁচা যে অভিযুক্ত লালে কৰা এই কৰ্ম চাৰিওফালৰ জনসাধাৰণৰ সংবেদনশীলতাৰ কথা বিবেচনা কৰি পৰিহাৰ কৰা উচিত আছিল। অৱশ্যে পোষ্টটো যদিও নিন্দনীয়, ই সম্প্ৰদায়সমূহৰ মাজত ঘৃণা সৃষ্টি কৰাৰ প্ৰয়াসৰ ইংগিত নিদিয়ে।”- ন্যায়ালয়ে নিজ ৰায়ত এইদৰে উল্লেখ কৰে।

জ্ঞানৱাপী মছজিদৰ ভিতৰত শিৱলিঙ্গ উদ্ধাৰ কৰা বুলি দাবী কৰাৰ পিছতে সন্দেহযুক্ত শিৱলিঙ্গৰ এখন ফটো বিভিন্ন মাধ্যম যোগে প্ৰকাশ পাইছিল। উক্ত ফটোখনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি এক ব্যঙ্গাত্মক টুইট কৰিছিল অধ্যাপক লালে।

ইয়াৰ পিছতে দিল্লীৰ বিনীত জিন্দাল নামৰ এজন অধিবক্তাই মঙলবাৰে নিশা লালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। লালে শিৱলিংগৰ ওপৰত এটা অপমানজনক আৰু উচতনিমূলক টুইট শ্বেয়াৰ কৰিছে বুলি অভিযোগ কৰিছিল জিন্দালে।

এই অভিযোগৰ ভিত্তিত উত্তৰ দিল্লীৰ চাইবাৰ আৰক্ষীয়ে অধ্যাপক লালক গ্ৰেপ্তাৰ কৰিছিল। আজি বিয়লি আদালতত হাজিৰ কৰা হৈছিল অভিযুক্ত ৰতন লালক।

লালৰ বিৰুদ্ধে ধৰ্মৰ ভিত্তিত সম্প্ৰদায়সমূহৰ মাজত শত্ৰুতা বৃদ্ধি কৰা আৰু সম্প্ৰীতি বিনষ্ট কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গোচৰটোৰ তদন্তৰ বাবে লালৰ ১৪ দিনৰ ন্যায়িক ৰিমাণ্ড বিচাৰিছিল। আৰক্ষীয়ে এতিয়ালৈকে অভিযুক্ত অধ্যাপক জনৰ বিৰুদ্ধে ছয়টা অভিযোগ লাভ কৰিছে বুলিও দাবী কৰিছিল।

আনহাতে লালৰ অধিবক্তাই জামিন আবেদন দাখিল কৰি লালৰ গ্ৰেপ্তাৰক আইনৰ অপপ্ৰয়োগ আখ্যা দিয়ে। আনহাতে কোনো ধৰণৰ জাননী জাৰি নকৰাকৈ অধ্যাপকজনক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলি তেওঁ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ দাবী কৰে।

উল্লেখ্য যে অধ্যাপক লালৰ টুইটক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে তেওঁ আত্মপক্ষ সমৰ্থন কৰি কয় যে ভাৰতত যদি কোনোবা এজন ব্যক্তিয়ে যিকোনো কথা কয়, কাৰোবাৰ নহয় কাৰোবাৰ অনুভূতি আঘাতপ্ৰাপ্ত হয়। গতিকে এইটো একো নতুন কথা নহয়।