পাঠশালাত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে পাঠশালাতো বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ফলত প্ৰায় ১ ঘণ্টা সময় অঞ্চলটোত যাতায়াত ব্যাহত হৈ পৰে।

আজি পুৱা ভাগত বজালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু বজালী ছাত্ৰ সমাজ, ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত আছু, জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে কংগ্ৰেছ আৰু অগপ দলেও অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ-ছাত্ৰীসকলে পাঠশালা নগৰৰ মাজত অৱস্থিত বিজেপি কাৰ্যালয়ৰ সন্মুখত  টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ বেনাৰ, ফ্লেগ আদি লণ্ডভণ্ড কৰে।

ইফালে ছাত্ৰ-ছাত্ৰীসকলে জ্বলোৱা টায়াৰ আৰক্ষীয়ে নুমুৱাবলৈ চেষ্টা কৰাত প্ৰতিবাদকাৰীসকলে ৰূদ্ৰমূৰ্তি ধাৰণ কৰি আৰক্ষীৰে হতাহতি তথা খণ্ডযুদ্ধত লিপ্ত হয়।