পথচাৰীৰ মাজত হাহাকাৰঃ পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ সাঁকো পুৱতি নিশা জ্বলাই দিলে দুৰ্বৃত্তই
বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দ্বিতীয় খণ্ডৰ পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ সাঁকো খন পুৱতি নিশা প্ৰায় ৩ বজাত কোনোবা দুৰ্বৃত্তই জ্বলাই দি পলায়ন কৰে ।
কেইমাহ মান পূৰ্বৰে পৰাই
ঠাইখনত এখন পকী দলং নিৰ্মীয়মান অৱস্থাতে থকাত বাহঁৰ সাকোঁ খনেৰেই ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে যাতায়াত কৰি আহিছিল।
ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ যাতায়তৰ বাবে এখন বাহৰ সাঁকো নিৰ্মাণ কৰি দিছিল কোম্পানীয়ে দলং নিৰ্মাণকাৰী সংস্থাটোৱে ।
কিন্তু নিশা কোনো দুৰ্বৃত্তই কেৰাচিন তেল ঢালি সাঁকো খন জ্বলাই দিয়ে। সেইবাবে পুৱাতেই লাগিল ৰাইজৰ মাজত হাহাকাৰ। স্তব্ধ হৈ পৰিল ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীৰ জীৱন-যাত্ৰা।
ঘটনাস্হলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
ঘটনাটোৱে অঞ্চলব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কোনে কি উদ্দেশ্যলৈ বাঁহৰ সাঁকো খন জ্বলাই দিলে সেই কথা ৰাইজ অথবা আৰক্ষীয়েও অনুমান কৰিব পৰা নাই।