NORTHEAST NOW (Assamese)

সুব্ৰত কাপ খেলিব চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে

July 26, 2019 2:26 pm · এন ই নাও নিউজ
সুব্ৰত কাপলৈ যোগ্যতা অৰ্জন কৰা চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটো। ফটো : য়ুবি

চৰাইদেউ জিলাৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৭ বছৰ অনূৰ্ধ্বৰ ফুটবল দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া সন্মানীয় সুব্ৰত কাপ স্কুল ফুটবল টুৰ্ণামেণ্টত অসমক প্ৰতিনিধিত্ব কৰিব। এই খবৰে এতিয়া উৎফুল্ল কৰি তুলিছে সমগ্ৰ চৰাইদেউবাসীক।

বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টনবজাৰৰ ছাই ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব দেউকন ট্ৰফী আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেণ্টত চৰাইদেউৰ দলটোৱে চেম্পিয়নৰ সন্মান অৰ্জন কৰে। আৰু সেই সূত্ৰে দলটোৱে সুব্ৰত কাপলৈ যোগ্যতা অৰ্জন কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেলখনত চৰাইদেউৰ দলটোৱে ডিব্ৰুগড়ৰ ঔফলীয়া হাইস্কুলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। খেলখনত কৃষ্ণ ৰজকে প্ৰথমটো গ’ল কৰি ডিব্ৰুগড়ক অগ্ৰগতি দিবলৈ সক্ষম হয় যদিও চৰাইদেউৰ সোণটো গোৱালাই উপৰ্যুপৰি দুটা গ’ল দি দলৰ বিজয় নিশ্চিত কৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চৰাইদেউৰ সোণটো গোৱালাই আৰু প্ৰতিভাৱান ফুটবলাৰৰ সন্মান লাভ কৰে চৰাইদেউৰে শিৱ তাঁতীয়ে।

খেলৰ অন্তত প্ৰদান কৰা বঁটা বিতৰণী অনুষ্ঠানত ৰাজভৱনৰ সচিব সঞ্জীৱ গোহাঁই বৰুৱা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাকাৰীৰ লগতে আন বহুতো লোক উপস্থিত থাকে।

Related News