• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চালান দিওঁতেই যাব পাৰে আপোনাৰ আধা দৰমহা: চাওক ক’ত কিমান টকাৰ জৰিমনা ভৰিব লাগিব আপুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2019 1:34 pm
Fine-drunk-driving-license-traffic-offences-motor-bill-facts-india

প্ৰতিনিধিত্বমূলক ফটো

4.6k
VIEWS
Share on FacebookShare on Twitter

মটৰ ভেহিকল এমেণ্ডমেন্ট বিল লোকসভাত গৃহীত হৈ গ’ল। এই বিলত কেইটামান কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ট্ৰেফিক নিয়ম উলংঘা কৰাৰ বাবে পূৰ্বৰ তুলনাত এতিয়া ৩০ গুণ পৰ্যন্ত অধিক জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।

ইয়াৰ উপৰি কেইটামান গোচৰত গাড়ীৰ মালিকৰ জে’ল পৰ্যন্ত হ’ব পাৰে। অৱশ্যে, এই বিল কেৱল লোকসভাত গৃহীত হৈছে আৰু ৰাজ্যসভাত এতিয়াও গৃহীত হ’বলৈ বাকী আছে।

এনেক্ষেত্ৰত বিলখন যদি ৰাজ্যসভাতো গৃহীত হৈ যায় তেতিয়াহ’লে কেইটামান ট্ৰেফিক নিয়মত বৃহৎ সলনি ঘটিব। এই বৃহৎ সলনিয়ে কি কি বিষয় সামৰিছে এবাৰ চাই লওঁ আহক :-

১. ধাৰা (১৭৭)-সাধাৰণ চালান

ছিংগল চালানত পূৰ্বে ১০০ টকা জৰিমনা আদায় দিবলগীয়া আছিল যদিও এতিয়া সেয়া ৫০০ টকা হ’ব।

২. ধাৰা ১৭৭ (এ)- পথৰ নিয়ম ভংগ

পূৰ্বে ১০০ টকা জৰিমনা দিবলগীয়া আছিল যিটো এতিয়া সেয়া ৫০০ টকা হ’ব।

৩. ধাৰা ১৭৮- বিনা টিকটেৰে যাত্ৰা

পূৰ্বে ২০০ টকাৰ জৰিমনাৰ ঠাইত এতিয়া এই জৰিমনা ৫০০ টকালৈ বৃদ্ধি পাব।

৪. ধাৰা (১৭৯)-কৰ্তৃপক্ষৰ আদেশ অমান্য

পূৰ্বে ৫০০ টকাৰ জৰিমনা আছিল আৰু সেয়া এতিয়া ২০০০ টকালৈ বৃদ্ধি পাব।

৫. ধাৰা(১৮০)-বিনা অনুজ্ঞাপত্ৰৰে অকৰ্তৃত্বশীল বাহন চলোৱা

পূৰ্বে ১০০০ টকাৰ জৰিমনা বিহা হৈছিল যদিও সেয়া এতিয়া ৫০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

৬. ধাৰা (১৮১)-বিনা অনুজ্ঞাপত্ৰৰে গাড়ী চলোৱা

পূৰ্বে ৫০০ টকাৰ ঠাইত এতিয়া এই জৰিমনা বৃদ্ধি পাব ৫০০০ টকালৈ।

৭. ধাৰা(১৮২)-বিনা যোগ্যতাৰে গাড়ী চলোৱা

পূৰ্বে এই জৰিমনা ৫০০ টকা আছিল যদিও এতিয়া সেয়া ১০,০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

৮. ধাৰা (১৮১ বি)- অভাৰচাইজ বাহন চলোৱা

বিলখনত এইটো নতুনকৈ নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে ৫০০০ টকাৰ জৰিমনা ভৰিব লাগিব।

৯. ধাৰা(১৮৩)-গাড়ীৰ গতিবেগ অমান্য কৰিলে

পূৰ্বে ৪০০ টকাৰ ঠাইত এতিয়া ২০০০ টকা জৰিমনা ভৰিব লাগিব।

১০. ধাৰা(১৮৪)-বিপদজনক চালনাৰ বাবে পেনাল্টি

পূৰ্বে ইয়াৰ বাবে ১০০০ টকা জৰিমনা বিহা হৈছিল যদিও এতিয়া ইয়াৰ বাবে ৫০০০ টকা জৰিমনা ভৰিব লাগিব।

১১. ধাৰা (১৮৫)-মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে

পূৰ্বে ২০০০ টকাৰ জৰিমনাৰ ঠাইত এতিয়া ১০,০০০ টকাৰ জৰিমনা ভৰিব লাগিব।

১২. ধাৰা (১৮৯)-প্ৰতিযোগিতা কৰাৰ বাবে

পূৰ্বে ৫০০ টকাৰ জৰিমনা বিহা হৈছিল যিটো এতিয়া ৫০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

১৩. ধাৰা (১৯২-এ)- বিনা পাৰ্মিটেৰে গাড়ী চলালে

পূৰ্বে ৫০০০ টকাৰ ঠাইত এতিয়া ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা।

১৪. ধাৰা(১৯৩)- অনুজ্ঞাপত্ৰ সম্বন্ধীয় চৰ্ত উলংঘা কৰিলে

নতুন বিলখনত এই নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে আপোনাক ২৫,০০০ টকাৰ পৰা ১লাখ টকালৈকে জৰিমনা বিহিব পাৰে।

১৫. ধাৰা(১৯৪)-অভাৰলোডিঙৰ (অতিৰিক্ত বোজা কঢ়িওৱাৰ) বাবে

পূৰ্বে ২০০০ টকা আৰু প্ৰতি টনৰ বাবে অতিৰিক্ত ১০০০ টকা দিবলগীয়া আছিল। এতিয়া ২০০০ টকা আৰু প্ৰতি টনৰ বাবে ২০০০ টকা অতিৰিক্ত দিব লাগিব।

১৬. ধাৰা(১৯৪-এ)-যাত্ৰীৰ অতিৰিক্ত বোজা কঢ়িয়ালে

এই বিলখনত নতুনকৈ এই নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে প্ৰতিজন যাত্ৰীৰ বাবদ ১০০০ টকা জৰিমনা দিব লাগিব।

১৭. ধাৰা (১৯৪ বি)-ছীটবেল্ট পৰিধান নকৰিলে

পূৰ্বে ১০০ টকাৰ ঠাইত এই জৰিমনা বঢ়াই ১০০০ টকা কৰা হৈছে।

১৮. ধাৰা(১৯৪ চি) –দুচকীয়া বাহনত অধিক আৰোহী

পূৰ্বতে ১০০ টকা জৰিমনা আছিল যদিও এতিয়া ইয়াক ২০০০ টকালৈকে বৃদ্ধি কৰা হৈছে।

১৯. ধাৰা (১৯৪ ই)- জৰুৰীকালীন বাহনক ৰাস্তা এৰি নিদিয়া (এম্বুলেন্স আদি)

এইটো নতুন নিয়ম বিলখনত অন্তৰ্বুক্ত কৰা হৈছে। ইয়াৰ বাবে ১০,০০০ টকালৈকে জৰিমনা বিহা হ’ব।

২০. ধাৰা (১৯৬)-বীমা অবিহনে ড্ৰাইভিং

পূৰ্বে ১০০০ টকাৰ ঠাইত এতিয়া এই জৰিমনা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd