সশস্ত্ৰ সংগঠন এন ডি এফ বিৰ ওপৰত থকা নিষেধাজ্ঞা আৰু ৫ বছৰলৈ বৃদ্ধি

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে আন ৫ বছৰলৈ এন ডি এফ বি( National Democratic Front of Bodoland)ৰ ওপৰত থকা নিষেধাজ্ঞা বৃদ্ধি কৰিছে।

এই নিষেধাজ্ঞা য়ু এ পি এ (Unlawful Activities (Prevention) Act), ১৯৬৭-ৰ ধাৰা ৩-ৰ উপ-ধাৰা ১-ৰ উপবন্ধৰ অধীনত সম্প্ৰসাৰণ কৰা হৈছে।

স্বাধীন বড়োলেণ্ডৰ দাবীৰে সশস্ত্ৰ বিদ্ৰোহ চলাই থকা এন ডি এফ বিক ৯০-ৰ দশকত প্ৰথমবাৰ নিষিদ্ধ ঘোষণা কৰা হৈছিল আৰু তাৰ পিছত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই নিষেধাজ্ঞা নৱীকৰণ কৰি অহা হৈছে।

হত্যা আৰু ধনদাবীকে ধৰি ই অব্যাহত ৰখা হিংসাত্মক কাৰ্য্যকলাপ আৰু ভাৰতৰ ভৌগোলিক অখণ্ডতা দুৰ্বল কৰা আৰু লগতে ভাৰত বিৰোধী শক্তিৰ সৈতে মিতিৰালি কৰা বাবে সংগঠনটোৰ ওপৰত নিষিদ্ধতা জাৰি ৰখা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এখন জাননীত কোৱা হৈছে।

জাননীখনত কোৱা হৈছে এইদৰে,- “চৰকাৰৰ ক্ষমতাক সীমিত কৰিছে, মানুহৰ মাজত সন্ত্ৰাস আৰু আতংক বিয়পাইছে যিটোৱে নৰহত্যা আৰু গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি কৰিছে, অসমৰ বড়ো অধ্যুষিত অঞ্চলত অবড়োৰ হত্যা আৰু সম্পত্তি ধ্বংস কৰা হৈছে”।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জাননীখনৰ উদ্ধৃতিৰে আৰু কোৱা হৈছে- “এই উপৰোক্ত কাৰণবোৰৰ বাবে এন ডি এফ বিৰ কাৰ্য্যকলাপ হ’ল কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ পক্ষে ক্ষতিকৰ আৰু সেয়ে এইটো বেআইনী।”

“যদিহে এন ডি এফ বিৰ বেআইনী কাৰ্য্যকলাপ নিয়ন্ত্ৰণত অনা নহয় তেন্তে সংগঠনটো পুনৰ সংগঠিত হ’ব আৰু নিজকে পুনৰ সশস্ত্ৰ কৰি তুলিব, নতুনকৈ সদস্যভৰ্তি কৰিব, হিংসা, সন্ত্ৰাস আৰু বিচ্ছিন্নতাক উচটনি দিব, পুঁজি সংগ্ৰহ কৰি আৰু নিৰ্দোষী নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ কৰ্মীসকলৰ জীৱন বিপন্ন কৰিব”, জাননীখনত কোৱা হয়।

পাঁচ বছৰলৈকে থাকিব লগীয়া নিষেধাজ্ঞাটো সংগঠনটো আৰু ইয়াৰ অন্তৰ্গত সকলো গোট আৰু ফ্ৰণ্ট অৰ্গেনাইজেশ্যনলৈও সম্প্ৰসাৰিত বুলি কোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ জনানীখনত কোৱা হৈছে যে সংগঠনটোৱে ভাৰতৰ সীমান্ত অঞ্চলবোৰত শিবিৰ আৰু গোপন ঘাটি স্থানপ কৰি বিচ্ছিন্নতাৰ কাৰ্য্যকলাপ চলাই আছে আৰু ভাৰত বিৰোধী শক্তিৰ পৰা সহযোগিতা আদায় কৰি আহিছে।

জাননীখনত সংগঠনটোৱে ২০১৫ বৰ্ষটোত ৬২টা হিংসাত্মক ঘটনা সংঘটিত কৰা বুলি কোৱা হৈছে। এই ঘটনাবোৰত ১৯জন অসামৰিক লোক, ৫৫জন বিদ্ৰোহী নিহত হৈছে।