NORTHEAST NOW (Assamese)

ভাল খবৰ: টীয়কৰ উদ্যোগী যুৱকে দীপাৱলীত ব্যৱহৃত কলপুলি সংগ্ৰহ কৰি যোগান ধৰিলে বন্যহস্তীক

November 6, 2021 10:24 am · নিৰ্মলেন্দু পাঠক, টীয়ক

এটা ভাল খবৰ।যিহেতু বিভিন্ন স্থানত এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে হাতী- মানুহৰ সংঘাত।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে মুহুৰ্ততে নি:শেষ কৰিছে সোণোৱালী পথাৰ।

তেনে সময়তে পোহৰৰ উৎসৱ দীপাৱলীত চাকি বন্তি জ্বলাবলৈ বিভিন্নজনে নিজ নিজ পদুলি,ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ব্যৱহাৰ কৰা এইসমূহ কলপুলি টীয়কৰ এগৰাকী উদ্যোগী ব্যৱসায়ী সঞ্জীৱ সভাপণ্ডিতে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সহযোগীসকল তথা টীয়ক পৌৰসভাৰ সহযোগত সংগ্ৰহ কৰি গিবন অভয়াৰণ্যলৈ লৈ গৈছে বন্যহস্তীৰ খাদ্যৰ বাবে।

ব্যৱসায়ীগৰাকীয়ে নিজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলক লগত লৈ টীয়ক পৌৰসভাৰ সহযোগত টীয়ক নগৰৰ ব্যৱসায়িক অঞ্চলৰ পৰা প্ৰায় তিনি ট্ৰাক কলপুলি ইতিমধ্যে সংগ্ৰহ কৰিছে {

দীপাৱলীৰ পাছত অব্যৱহৃত হৈ পৰা এই কলপুলিসমূহে এদিনৰ বাবে হ’লেও বন্যহস্তীৰ খাদ্য হ’ব বুলি আশা প্ৰকাশ কৰিছে।ব্যৱসায়ীগৰাকীৰ এই পদক্ষেপক সকলোৱে এতিয়া আদৰণি জনাইছে।

Related News