কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিউন ৰংফাৰক শনিবাৰে ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ৰংফাৰে ৰাজহুৱা সভাত অসাংবিধানিক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ আনি তুলিৰাম ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে দিয়া এজাহাৰৰ ভিত্তিত শনিবাৰে ডিফু আৰক্ষীয়ে ৰংফাৰক গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ৮ ডিচেম্বৰৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লংমাৰ্ছ কৰি ডিফুলৈ আহি ১১ ডিচেম্বৰত ডিফুত সমবেত হৈ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ জৰিয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।
১১ ডিচেম্বৰত পৰিষদত মুখ্য কাৰ্যবাহী সদস্যকে ধৰি এগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত নথকাত ছাত্ৰ সন্থাটোৰ উদ্যোগত আন সহযোগী দলসমূহে তীব্ৰ ক্ষোভ উজাৰি পাছত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। এই ৰাজহুৱা সভাত বিজেপিয়ে স্বায়ত্তশাসন প্ৰদান কৰা সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাকে ধৰি বিভিন্ন বিষয়ত বক্তাসকলে ভাষণ দিয়ে।
উক্ত সভাত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিউন ৰংফাৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে অসাংবিধানিক শব্দ প্ৰয়োগৰ অভিযোগ তুলি ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে ডিফু থানাত ইউ/এছ ১৮৯, ১৫৯, ১৫৩,৫০৬, ৫০০, ৫০৪,৫০৫ ধাৰা সন্নিৱিষ্ট কৰি গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত শনিবাৰে পুৱা আৰক্ষীয়ে কোনো জাননী অথবা ৱাৰেণ্ট নোহোৱাকৈ ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰি ডিফু থানালৈ লৈ আনে।
ইপিনে, এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰ্বি ছাত্ৰ সন্থাই শনিবাৰে বিয়লি ৩ বজাত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মুঠ ১৬টা সংগঠনৰ সদস্য উপস্থিত থাকে। সংবাদমেলযোগে সংগঠনকেইটাই বিনাচৰ্তে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীক শীঘ্ৰেই মুকলি কৰি দিবলৈ দাবী জনায়।
আনহাতে, ছাত্ৰনেতাজনৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত সংগঠনকেইটাই আজি পুৱা ৫ বজাৰ পৰা সোমবাৰে বিয়লি ৫ বজালৈ ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধৰ আহ্বান দিয়ে। তদুপৰি, ছাত্ৰনেতাজনক অতিশীঘ্ৰে মুক্তি নিদিলে অনিৰ্দিষ্টকালীন জিলা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো ভাবুকি দিছে।