ধলা-কাণ্ডৰ আঁৰত তৃতীয় পক্ষৰ হাত থকাৰ সম্ভাৱনাৰ কথা ক’লে অনুপ চেতিয়াই

বংগভাষী অসমীয়া সমাজ আৰু আলফাই সম্প্ৰীতিৰ আহ্বানেৰে যৌথভাৱে আয়োজন কৰিব পাঁচখন সভা

ULFA_Bengali

ধলাৰ পাঁচজন বাঙালী লোকক হত্যা কৰা ঘটনাত তৃতীয় পক্ষ থাকিব পাৰে বুলি আজিৰ এখন সংবাদমেলত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই মত দাঙি ধৰিছে।

“আমি কালি আমি ধলালৈ গৈছিলো, আৰু শ্ৰাদ্ধত উপস্থিত আছিলো। আমি তাত যি আভাস পালো, ঘটনাটোত তৃতীয় পক্ষ জড়িত থকাৰ সম্ভাৱনা দেখিছো।” আলফাৰ সাধাৰণ সম্পাদকজনে কয়।

“আলফা (স্বাঃ)ই যিহেতু তেওঁলোকে এই হত্যাকাণ্ড কৰা নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। আলফা (স্বাঃ)ৰ মন্তব্যত কিছু সত্যতা আছে বুলি ভাবো।” চেতিয়াই কয়। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, “আমাৰ সন্দেহ আছে। কোন তৃতীয় পক্ষ সেইটো চৰকাৰে তদন্ত কৰি উলিয়াওক।”

আনহাতে আৰ এছ এছ, বিজেপিক অসমখন উত্তপ্ত কৰি নুতুলিবলৈ আহ্বান জনায় চেতিয়াই। অসম আন্দোলনৰ সময়ৰ পৰিস্থিতি বৰ্তমান অসমত সৃষ্টি হৈছে আৰু এইটো ভাৰত চৰকাৰে সৃষ্টি কৰিছে। সেই বাবেই পুনৰ অসমৰ যুৱকসকল হাবিলৈ যাবলৈ বাধ্য হৈছে। এইদৰে কয় আলফাৰ নেতাজনে।

আনহাতে আজি একেখন সংবাদমেলত উপস্থিত থকা বংগভাষী অসমীয়া সমাজৰ প্ৰতিনিধিজনে কয় যে তেওঁলোকে আলফাৰ সৈতে একেলগে অসমত পৰ্য্যায়ক্ৰমে পাঁচখন সমাৱেশ পাতিব। এই সমাৱেশত অসমীয়া-বাঙালীৰ মাজত সম্প্ৰীতিৰ বাবে আহ্বান জনাব। প্ৰথমে তিনিচুকীয়া বা ডিব্ৰুগড় জিলাত, তাৰ পাছত মধ্য অসম নগাৱঁত তাৰ পাছত ক্ৰমে গুৱাহাটী, ধুবুৰী আৰু বৰাকত সম্প্ৰীতিৰ সমাৱেশ আয়োজন কৰিব।