দেশত ৰাজনৈতিক অস্থিৰতা; তাৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট জয় বাংলাদেশৰ

দেশত চৰম ৰাজনৈতিক অস্থিৰতা। প্ৰাণৰ ভয়ত প্ৰধানমন্ত্ৰী চুবুৰীয়া দেশলৈ পলায়ন কৰিছে। তাৰ মাজতে বাংলাদেশ ক্ৰিকেট দলে ইতিহাস ৰচনা কৰিলে। টাইগাৰ ব্ৰিগেডে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে টেষ্টত জয়লাভ কৰিলে। ছাকিব আল হাছানৰ দলে পাকিস্তানক ১০ উইকেটত বিধ্বস্ত কৰে। বাংলাদেশে ২৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে টেষ্টত জয়লাভ কৰে।

দুখন টেষ্টৰ শৃংখলা খেলিবলৈ পাকিস্তানলৈ গৈছিল বাংলাদেশ। দেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে নাজমুল হোছেইন শান্ত বাহিনীয়ে ছিৰিজ খেলিবলৈ উপস্থিত হৈছিল। টেষ্টমেচ চলি থকাৰ সময়তে ছাকিবৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছিল। বাংলাদেশৰ জনসাধাৰণে ছাকিবক মেচখনৰ পৰাই দেশলৈ ঘূৰাই আনি ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনায়।

এই সকলো আপদ-বিপদৰ বিপৰীতে বাংলাদেশে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট মেচত জয়লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে ১৩খন টেষ্ট মেচ খেলিছিল। দুয়োটা দলৰ মাজত খেল এবাৰহে ড্ৰ’ হৈছিল। আন প্ৰতিবাৰেই পাকিস্তানে জয়লাভ কৰে।

লগতে পঢ়কঃ লেবাননত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, হিজবুল্লাহৰ প্ৰত্যাক্ৰমণ; ইজৰাইলত জৰুৰীকালীন অৱস্থা ঘোষণা

দেশৰ অস্থিৰতাৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ নামিছিল মুছফিকুৰ ৰহিম বাহিনীয়ে। প্ৰথমে বলিং কৰাৰ পিছত যথেষ্ট চাপত পৰিছিল টাইগাৰ্ছ ব্ৰিগেড। ছাউদ শ্বাকিল আৰু মহম্মদ ৰিজৱানৰ দুটাকৈ শতকৰ সহায়ত পাকিস্তানে ৪৪৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে অধিনায়ক শ্বান মাছুদে ইনিংছ ঘোষণা কৰে।

অৱশ্যে বিশাল ৰানৰ চাপত বাংলাদেশৰ বেটিং ভাঙি পৰা নাছিল। মুছফিকুৰৰ ১৯১ ৰানৰ সহায়ত ৫৬৫ ৰানত অল আউট হৈছিল বাংলাদেশ। ছাদমান ইছলামে ৯৩ ৰান সংগ্ৰহ কৰে। মেহদী হাছান মিৰাজে ৭৭ ৰান সংগ্ৰহ কৰে। লিটন দাসে ৫৬ ৰান সংগ্ৰহ কৰে। মমিনুল হকে ৫০ ৰান সংগ্ৰহ কৰে। ১৫ ৰাণত আউট হয় ছাকিব। পাকিস্তানৰ হৈ প্ৰথম ইনিংছত ৩টা উইকেট দখল কৰে নাছিম শ্বাহে। শ্বহীন আফ্ৰিদি, খুৰৰাম শ্বেহজাদ আৰু মহম্মদ আলীয়ে ২টাকৈ উইকেট দখল কৰে।

প্ৰথম ইনিংছত ১১৭ ৰান পিছ পৰি থকা পাকিস্তানৰ দ্বিতীয় ইনিংছত বাবৰ বাহিনীয়ে ছাকিব আৰু মেহদীৰ ঘূৰ্ণীৰ সন্মুখত আত্মসমৰ্পণ কৰে। দ্বিতীয় ইনিংছত পাকিস্তানে মাত্ৰ ১৪৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। অন্তিম ইনিংছত জয়ৰ বাবে বাংলাদেশৰ লক্ষ্য আছিল ৩০ ৰান।

লগতে পঢ়কঃ স্কুল বাছ মানেই ইয়াৰ ৰং হালধীয়া! কিয় জানেনে? ইয়াৰ আঁৰত আছে ডাঙৰ বৈজ্ঞানিক কাৰণ

দ্বিতীয় ইনিংছত পাকিস্তানৰ হৈ বেটিঙত অকলে যুঁজিছিল মহম্মদ ৰিজৱানে। তেওঁ ৫১ ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি আহে। আব্দুল্লা ছফিকে ৩৭ ৰান সংগ্ৰহ কৰে। বাবৰ আজমে ২২ ৰান সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ মেহদী হাছান মিৰাজে দ্বিতীয় ইনিংছত ৪টা উইকেট দখল কৰে। ছাকিব আল হাছানে দখল কৰে ৩টা উইকেট।

বাংলাদেশে অন্তিম ইনিংছত কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ বাবে প্ৰয়োজনীয় ৩০ ৰান সংগ্ৰহ কৰে। সেইদৰে নজমুল হোছেইন শান্ত বাহিনীয়ে টেষ্টত ইতিহাস ৰচনা কৰে। জাকিৰ হাছানে ১৫ ৰানত অপৰাজিত হৈ থাকে। ৯ ৰানত অপৰাজিত থাকে ছাদমান ইছলাম। মেচখনৰ মেন অৱ দ্য মেচ হয় মুছফিকুৰ।