বিশ্বকাপত ৰেকৰ্ড গঢ়া বেটখন নিলাম কৰিব অলৰাউণ্ডাৰ ছাকিব আল হাছানে

Shakib-Al-Hasan

বাংলাদেশ ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ ছাকিব এল হাছানে ২০১৯ এদিনীয়া বিশ্বকাপত ব্যৱহাৰ কৰা বেট নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কোভিদ-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে অৰ্থ সংগ্ৰহ কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লয় বৰত্মান সময়ৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ ছাকিবে।

উইকেটকীপাৰ বেটছমেন মুছফিকুৰ ৰহিমৰ পিছত সামাজিক কাৰণত ক্ৰিকেটৰ ব্যক্তিগত সামগ্ৰী নিলাম কৰা ছাকিব হ’ব বাংলাদেশৰ দ্বিতীয়জন ক্ৰিকেটাৰ।

ছাকিবে ফেইচবুকযোগে কয়,‍ ‘মই এখন বেট নিলাম কৰিব বিচাৰো বুলি আগতেই কৈছিলো। যোৱাবাৰ বিশ্বকাপত ব্যৱহাৰ কৰা বহেটখন নিলাম কৰিব লৈছো। এই বেটখন মোৰ ফেভাৰিট আছিল’।

তেওঁ লগতে কয় যে এই বেটখন মোৰ বাবে বিশেষ আছিল জনসাধাৰণ মোৰ বাবে তাতকৈও বিশেষ, সেয়ে এই সংকটৰ সময়ত বেটখন নিলাম কৰি কিবা এটা বৰঙণি আগবঢ়াব বিচাৰিছো।

উল্লেখ্য যে যোৱা বছৰ ইংলেণ্ডত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত ছাকিবে বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল।

বিশ্বকাপত ছাকিবে দুটা শতক আৰু পাঁচটা অৰ্ধশতকসহ ৮৬.৫৭ গড়ে ৬০৬ ৰান কৰাৰ লগতে উইকেট দখল কৰিছিল ১১ টা। বিশ্বাকপত ৬০০ ৰান আৰু ১০ টা উইকেট দখল কৰা একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ছাকিব।