NORTHEAST NOW (Assamese)

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

January 23, 2021 12:37 pm · এন ই নাও নিউজ

ৱেষ্ট ইণ্ডিজ আৰু বাংলাদেশৰ মাজত চলি থকা এদিনীয়া শৃংখলাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে ঘৰুৱা দল বাংলাদেশে।

ঢাকাত ২২ জানুৱাৰিত অনুষ্ঠিত দ্বিতীয়খন খেলত বাংলাদেশে সাত উইকেটত পৰাস্ত কৰে ৱেষ্ট ইণ্ডিজক।

খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি মাত্ৰ ১৪৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

প্ৰত্যুত্তৰত বাংলাদেশে মাত্ৰ ৩৩.২ অভাৰত তিনিটা উইকেটৰ বিনিময়ত প্ৰয়োজনীয় বিজয় লক্ষ্যত উপস্থিত হয়।

বাংলাদেশৰ হৈ ছাকিব অল হাজানে ৪৩ ৰান আৰু অধিনায়ক তামিম ইকবালে সৰ্বাধিক ৭৬ ৰান সংগ্ৰহ কৰে।

আনহাতে, ৱেষ্ট ইণ্ডিজৰ হৈ ৰভমান পাৱেলে সৰ্বাধিক ৪১ ৰান সংগ্ৰহ কৰিছিল।

বাংলাদেশৰ মেদিদী হাছান মেন অব দ্যা মেচ নিৰ্বাচিত হয়।

উল্লেখযোগ্য যে, বাংলাদেশ ভ্ৰমণলৈ ৱেষ্ট ইণ্ডিজে এটা দ্বিতীয় শ্ৰেণীৰ দল প্ৰেৰণ কৰিছিল। ৱেষ্ট ইণ্ডিজৰ বৰ্তমানৰ কোনো এগৰাকী তাৰকা ক্ৰিকেটাৰে এই ক্ৰিকেট শৃংখলাটোত অংশগ্ৰহণ কৰা নাছিল।

Related News