ভাৰতে বন্ধ কৰিছে ভেকচিনৰ ৰপ্তানি: ৰাছিয়াৰ ভেকচিনেই নিজৰ দেশত উৎপাদন কৰিব বাংলাদেশে

Coronavirus-Russia-vaccine-L

ক’ৰ’ণাৰ মহাতংকৰ পৰা মুক্ত হ’ব পৰা নাই ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ।

দেশ খনত বহু লোক এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। বহু লোকে মৃত্যুটো সাৱটিছে। শেহতীয়াকৈ ভাৰতত ক’ৰ’না পৰিস্থিতিৰ অৱনতি ঘটাৰ পিছতে ভাৰতে বাংলাদেশলৈ কোভিডৰ ভেকচিন ৰপ্তানি কৰা বন্ধ কৰি দিছে।

এনে পৰিস্থিতিত বাংলাদেশে নিজৰ দেশতে ৰাছিয়াৰ কোভিড ভেকচিন  স্পুটনিক ভি উৎপাদন কৰাৰ সিদ্ধান্ত লৈছে।

বাংলাদেশৰ বিদেশ মন্ত্ৰী ডঃ এ কে আব্দুল মোমেনে কয় যে দেশ খনত এতিয়া কোভিডৰ ভেকচিনৰ ব্যাপক নাটনি হৈছে।

এনে পৰিস্থিতিত দেশ খনে ৰাছিয়াৰ ভেকচিন প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে।

সেইমৰ্মে ৰাছিয়াৰ চৰকাৰৰ সৈতে বাংলাদেশে চুক্তি স্বাক্ষৰ কৰাৰ প্ৰাৰম্ভিক সকলো কাম সম্পন্ন কৰিছে বুলিও তেওঁ কয়।উল্লেখ্য

দেশ খনত ১৪ এপ্ৰিলৰ পৰা দেশ খনত কঠোৰ লকডাউন ঘোষণা কৰা হৈছিল।

এই লকডাউনৰ সময়ত বন্ধ হৈ পৰিছে দেশ খনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে উদ্যোগ, কল-কাৰখানা, শৈক্ষিক প্ৰতিষাঠান, যান-বাহনৰ চলাচল।

১৪ এপ্ৰিলৰ পৰা হোৱা  লকডাউনৰ সময়ত আনকি বিমান সেৱাও বন্ধ কৰি দিয়া হৈছে। বাংলাদেশৰ অসমাৰিক বিমান পৰিবহন দপ্তৰৰ অধ্যক্ষ এয়াৰ আইছ মাৰ্শ্বাল এ মফিদুৰ ৰহমানে প্ৰকাশ কৰা মতে যান-বাহনৰ চলাচল বন্ধ থাকিব বাবে লকডাউনৰ সময়ত যাত্ৰীসকলে বিমান বন্দৰলৈ আহিব নোৱাৰিব।

সেইবাবেই ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া লকডাউনৰ সময়ত বিমান সেৱাও বন্ধ কৰি দিয়া হৈছে।ইপিনে বাংলাদেশৰ বস্ত্ৰ উদ্যোগ সমূহে লকডাউনৰ তীব্ৰ বিৰোধিতা কৰিছে।

লকডাউনৰ সলনি কোভিড প্ৰ’টোকল মানি চলি উদ্যোগ সমূহ চলাই থাকিবলৈ দিব লাগে বুলি বহুতে দাবী কৰি আহিছে।বংলাদেশত লকডাউনৰ প্ৰতিবাদত  একাধিক হিংসাত্মক প্ৰতিবাদ সংঘটিত হৈছে।

উল্লেখ্য  ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো আৰম্ভ হৈছে ক’ৰ’ণাৰ দ্বিতীয়টো ঢৌ।ব্ৰিটেইনত ধৰা পৰা ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে বাংলাদেশত বহু লোকৰ প্ৰাণ কাঢ়ি নিছে।

প্ৰতিদিনে দেশ খনত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাই গৈ আছে।

এনে পৰিস্থিতিত বাংলাদেশৰ চৰকাৰে দেশ খনৰ সকলো বিদ্যালয় ৩০ মাৰ্চৰ পৰা খোলাৰ সিদ্ধান্ত লৈয়ো পুনৰ সেই সিদ্ধান্ত বাতিল কৰিবলগীয়া হৈছে।

পিছুৱাই দিয়া হৈছে দেশ খনত  অনুষ্ঠিত হ’বলগীয়া সকলো নিৰ্বাচন। ইমানৰ পিছতো ক’ৰ’ণাৰ হাতোৰাৰ পৰা মুক্তি পোৱা নাই দেশ খনে।

এনে পৰিস্থিতিত বাধ্যত পৰি বাংলাদেশৰ চৰকাৰে আজি পুনৰ দেশ খনত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰাৰ সিদ্ধান্ত লয়।