১৪ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কঠোৰ লকডাউন ঘোষণা কৰিলে এইখন দেশে

amid-covid-1

ক’ৰ’ণাৰ মহাতংকৰ পৰা মুক্ত হ’ব পৰা নাই ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ।

দেশ খনত ঘোষণা কৰা সাতদিনীয়া লকডাউনৰ আজি নিশা ১২ বজাত অন্ত পৰিব যদিও পুনৰ ১৪ এপ্ৰিলৰ পৰা দেশ খনত কঠোৰ লকডাউন ঘোষণা কৰা হৈছে।

এই লকডাউনৰ সময়ত বন্ধ হৈ পৰিব দেশ খনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে উদ্যোগ, কল-কাৰখানা, শৈক্ষিক প্ৰতিষাঠান, যান-বাহনৰ চলাচল।

১৪ এপ্ৰিলৰ পৰা হ’বলগীয়া লকডাউনৰ সময়ত আনকি বিমান সেৱাও বন্ধ কৰি দিয়া হ’ব। বাংলাদেশৰ অসমাৰিক বিমান পৰিবহন দপ্তৰৰ অধ্যক্ষ এয়াৰ আইছ মাৰ্শ্বাল এ মফিদুৰ ৰহমানে প্ৰকাশ কৰা মতে যান-বাহনৰ চলাচল বন্ধ থাকিব বাবে লকডাউনৰ সময়ত যাত্ৰীসকলে বিমান বন্দৰলৈ আহিব নোৱাৰিব।

সেইবাবেই ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া লকডাউনৰ সময়ত বিমান সেৱাও বন্ধ কৰি দিয়া হ’ব।ইপিনে বাংলাদেশৰ বস্ত্ৰ উদ্যোগ সমূহে লকডাউনৰ তীব্ৰ বিৰোধিতা কৰিছে।

লকডাউনৰ সলনি কোভিড প্ৰ’টোকল মানি চলি উদ্যোগ সমূহ চলাই থাকিবলৈ দিব লাগে বুলি বহুতে দাবী কৰি আহিছে।বংলাদেশত লকডাউনৰ প্ৰতিবাদত  একাধিক হিংসাত্মক প্ৰতিবাদ সংঘটিত হৈছে।

কিছুদিন পূৰ্বে প্ৰতিবাদকাৰীসকলে এখন আৰক্ষী থানাও আক্ৰমণ কৰে।

আৰক্ষীয়ে গুলিচালনা কৰে আৰু গুলিচালনাত তিনিজন লোক আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত লোককেইজনৰ  মাজৰে পিছত এজনৰ মৃত্যু ঘটে।

ফৰিদপুৰ জিলাৰ চালথা নামৰ চহৰখনত  এই ঘটনা ঘটিছিল।

উল্লেখ্য  ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো আৰম্ভ হৈছে ক’ৰ’ণাৰ দ্বিতীয়টো ঢৌ।ব্ৰিটেইনত ধৰা পৰা ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে বাংলাদেশত বহু লোকৰ প্ৰাণ কাঢ়ি নিছে।

প্ৰতিদিনে দেশ খনত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাই গৈ আছে।

এনে পৰিস্থিতিত বাংলাদেশৰ চৰকাৰে দেশ খনৰ সকলো বিদ্যালয় ৩০ মাৰ্চৰ পৰা খোলাৰ সিদ্ধান্ত লৈয়ো পুনৰ সেই সিদ্ধান্ত বাতিল কৰিবলগীয়া হৈছে।

পিছুৱাই দিয়া হৈছে দেশ খনত  অনুষ্ঠিত হ’বলগীয়া সকলো নিৰ্বাচন। ইমানৰ পিছতো ক’ৰ’ণাৰ হাতোৰাৰ পৰা মুক্তি পোৱা নাই দেশ খনে।

এনে পৰিস্থিতিত বাধ্যত পৰি বাংলাদেশৰ চৰকাৰে আজি পুনৰ দেশ খনত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰাৰ সিদ্ধান্ত লয়।

যোৱা  ৫ এপ্ৰিলৰ পৰা সাত দিন লৈ দেশ খনত পালন কৰা হৈছে সম্পূৰ্ণ লকডাউন।